ETV Bharat / state

বিশ্বনাথৰ বাঘমৰা বিজেপি মণ্ডলৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক

ৰাজ্য়ৰ বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল সমিতিৰো মঙলবাৰে এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকৰ আয়োজন কৰা হয় । কাৰ্যনিৰ্বাহকত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ।

author img

By

Published : Jan 5, 2021, 7:02 PM IST

বিশ্বনাথৰ বাঘমৰা বিজেপি মণ্ডলৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক

বিশ্বনাথ ৫ জানুৱাৰী : বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসনত থকা বিজেপি দলটো এতিয়া ব্য়স্ত হৈ পৰিছে দলৰ ভেটি সুদৃঢ় কৰাত । মণ্ডল অথবা বুথ পৰ্যায়ৰ কৰ্মীৰ সৈতে বৈঠকত বহিছে দলৰ শীৰ্ষ নেতাসকল । ৰাজ্য়ৰ বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল সমিতিৰো মঙলবাৰে এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকৰ আয়োজন কৰা হয় । সমষ্টিটোৰ ৰতোৱা ৰংগ মঞ্চত আয়োজিত এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ।

বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত বিশ্বনাথ জিলা সমিতিৰ সাঃসম্পাদক তথা মণ্ডল প্ৰভাৰী অসীম দাস,সম্পাদক ৰঘুপতি বসুদেৱ,ৰাজ্যিক পৰিষদৰ সদস্যা শেৱালী শৰ্মা প্ৰমুখ্যে দলৰ বিভিন্ন কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷
আগন্তুক দিনত ল’বলগীয়া দলৰ বিভিন্ন কাৰ্যপন্থাৰ উপৰিও বিহালীত বিজেপি দলৰ সাংগঠনিক দিশ আৰু অধিক শক্তিশালী কেনেদৰে কৰিব তাৰ পৰিকল্পনাৰ বিষয়ত আলোচনা কৰা হয় এই সভাত ।
সভাত উপস্থিত থকা মন্ত্ৰী ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰা প্ৰতিজন সদস্যক আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিক শক্তিশালী ৰূপত কাম কৰিবলৈ আহ্বান জনাই লগতে ভোটাৰ ৰাইজৰ কাষলৈ চৰকাৰী বিভিন্ন আঁচনি লৈ যাবলৈ আহ্বান জানাই ।

লগতে পঢ়ক :বকোত উন্মোচন কাব্য সংকলন 'লাঙা শাল'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.