ETV Bharat / state

বিশ্বনাথত পৌৰ নিকায় কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচীৰ সামৰণি

author img

By

Published : Sep 4, 2020, 5:45 PM IST

২০১৩ চনতে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰী কৰণত কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতো কাৰ্যকৰী নোহোৱাত দুখ প্ৰকাশ কৰি পৌৰ কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দাবী সমুহ সমাধানৰ দাবী জনায় ।

বিশ্বনাথত পৌৰ নিকায় কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচীৰ সামৰণি
বিশ্বনাথত পৌৰ নিকায় কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচীৰ সামৰণি

বিশ্বনাথ,৪ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত যোৱা ৩১ আগষ্টৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচী বৃহস্পতিবাৰে সামৰণি পৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো পৌৰ নিকায় কৰ্মচাৰীয়ে এই ধৰ্ণা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰি ২০১৩ চনতে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰী কৰণত কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতো কাৰ্যকৰী নোহোৱাত দুখ প্ৰকাশ কৰি পৌৰ কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দাবী সমুহৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ,অনাদায় হৈ থকা দৰমহা আদায়,পেঞ্চন আচনি প্ৰৱৰ্তন,পৌৰকৰ্মী সকলক ৰাজ্যিক বিত্তীয় আয়োগৰ আওতালৈ অনাৰ লগতে বিভিন্ন পদ সমূহ নিয়মীয়াকৰণৰ সাত দফীয়া দাবীৰ সমৰ্থনত উক্ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে যোৱা ৩১আগষ্ট পৰা গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী বৃস্হপতিবাৰে সন্ধিয়া সামৰণি পৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.