ETV Bharat / state

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

author img

By

Published : Feb 10, 2020, 7:14 PM IST

Updated : Feb 10, 2020, 7:54 PM IST

গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত বিশ্বনাথঘাটৰ মূল ভূমি খণ্ডৰ এটা অংশ সংযোগ হৈ আছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সৈতে ৷ ঐতিহাসিক গুৰুত্বৰে প্ৰাচীন স্মৃতিৰে সজীৱ বিশ্বনাথক চৰকাৰে যি গুৰুত্ব দিব লাগিছিল সেয়া আজিও পোৱা নাই ৷ ৰাজ্য চৰকাৰৰ বিপৰীতে বিশ্বনাথৰ মোনাবাৰীৰ এগৰাকী ব্যক্তি কল্প হাজৰিকাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...
বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

বিশ্বনাথ, 10 ফেব্ৰুৱাৰীঃ আহোম ৰাজত্ব কালৰে পৰা বিশ্বনাথৰ ঐতিহাসিক গুৰুত্ব আছে ৷ দেৱ দেৱীৰ প্ৰাচীন মঠ মন্দিৰ, দ'ল দেৱালয়ৰ পৰা আৰম্ভ কৰি বিশ্বনাথক শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্ব কাললৈ,শংকৰদেৱৰ পৰা বৃটিছৰ দিনলৈকে বহু পৌৰাণিক স্মৃতিয়ে কোবাই গৈছে ৷ এই বিশ্বনাথক লৈ গৌৰৱ কৰা উত্তৰপাৰৰ ৰাইজৰ বাবে বিশ্বনাথ গুৰুত্বপূৰ্ণ স্থান হ'লেও ৰাজ্য চৰকাৰৰ বাবে এতিয়াও যেন অনাদৃত ৷ গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত বিশ্বনাথঘাটৰ মূল ভূমি খণ্ডৰ এটা অংশ সংযোগ হৈ আছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সৈতে ৷ ঐতিহাসিক গুৰুত্বৰে প্ৰাচীন স্মৃতিৰে সজীৱ বিশ্বনাথক চৰকাৰে যি গুৰুত্ব দিব লাগিছিল সেয়া আজিও পোৱা নাই ৷

BISWANATH THE UNSUNG HERO KISHORE HAZARIKA, FRIENDS OF POOR PEOPLE
ব্ৰহ্মপুত্ৰৰ মাজত থকা উমাটুমুনী

ৰাজ্য চৰকাৰৰ বিপৰীতে বিশ্বনাথৰ মোনাবাৰীৰ এগৰাকী ব্যক্তি কিশোৰ হাজৰিকাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ 2013 চনৰ পৰা এই ব্যক্তিজনে বিশ্বনাথ মন্দিৰ আৰু ইয়াৰ ঐতিহ্যমণ্ডিত ঠাই সমূহক পৰ্যটনস্থলীলৈ ৰপান্তৰ কৰাৰ কামত লাগি আছে ৷ ৰজাদিনীয়া মঠ মন্দিৰ সমূহ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে নিজা প্ৰচেষ্টাৰে কাম কৰি অহা কিশোৰ হাজৰিকাই পত্নী তথা বন্ধু বৰ্গৰ সহায়ত ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমাটুমনি দ্বীপত থকা নাংলেশ্বৰ মন্দিৰ,কমলেশ্বৰ দেৱালয়,কমলেশ্বৰ শিৱ দেৱালয় পুনৰ নিৰ্মাণ কৰাৰ লগতে আৰু অন্য এটা মন্দিৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

BISWANATH THE UNSUNG HERO KISHORE HAZARIKA, FRIENDS OF POOR PEOPLE
ঐতিহাসিক বিশ্বনাথ মন্দিৰ

বিশেষকৈ এই প্ৰচীন সম্পদ সমুহ সংৰক্ষণৰ বাবে বিশেষ চিন্তা চৰ্চাৰে বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ মাজত উমাটুমুনি দ্বীপত স্থাপন কৰিছিল এখন অত্যাধুনিক ৰিৰ্জট আৰু এখন ধাবা ৷ যি ৰিজৰ্টৰ যোগেদি দেশী বিদেশী পৰ্যটক সকলক বিশ্বনাথৰ ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰোৱাৰ লগতে তাৰ পৰা আয় হোৱা টকাৰে সামাজিক কামত ব্যয় কৰিছে ৷ বিশ্বনাথক পৰ্যটন নগৰী হিচাপে গঢ়াৰ ক্ষেত্ৰত নিজাকৈ গ্ৰহণ কৰি আহিছে বহুকেইটা পদক্ষেপ ৷ এই পৰ্যন্ত কিশোৰ হাজৰিকাই ধাবা আৰু ৰিজৰ্টৰ পৰা হোৱা উপাৰ্জনেৰে বন্ধুবৰ্গৰ সহায়ত বিশ্বনাথৰ আৰু মোনাবাৰী অঞ্চলৰ বহু দৰিদ্ৰ শিশুক শীতকালত প্ৰতি বছৰে গৰম কাপোৰ যোগান ধৰা,বানপানীৰ সময়ত বিভিন্ন লোকক খাদ্য সামগ্ৰী বিতৰণ,একাংশ দৰিদ্ৰ সীমা ৰেখা ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় সহযোগিতা কৰিছে ৷ দুখনকৈ বিদ্যালয়ত যোগান ধৰিছে সম্পূৰ্ণ ডেস্ক বেঞ্চৰ ৷ মোনাবাৰীৰ বিদ্যালয়ত যোগান ধৰিছে ডেস্ক বেঞ্চ ৷

BISWANATH THE UNSUNG HERO KISHORE HAZARIKA, FRIENDS OF POOR PEOPLE
ডেস্ক বেঞ্চ প্ৰদান কৰা মোনাবাৰীৰ এখন বিদ্যালয়

আনহাতে বিশ্বনাথৰ চতিয়াৰ চতিয়া একাডেমীতো সহায় আগবঢ়াইছে কিশোৰ হাজৰিকাই ৷ বহুতো লোকৰ বাবে বিপদৰ বন্ধু স্বৰূপ কিশোৰ হাজৰিকাই এই সকলো নিজা খৰচেৰে প্ৰদান কৰে ৷ সমাজ সেৱা কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে লোকজনে ৷ প্লাষ্টিকমুক্ত কৰি গছপুলি ৰোপণেৰে সজাগতা সৃষ্টি কৰিছে অঞ্চলটোত ৷ বৰ্তমানলৈকে নিজা প্ৰচেষ্টাৰে লোকজনে বিশ্বনাথৰ কেবাখনো বিদ্যালয়ত 1 হাজাৰৰোধিক গছ পুলি ৰোপণ কৰিছে ৷

বিশ্বনাথঘাটক পৰ্যটনৰ থলী হিচাপে ন ৰূপত দাঙি ধৰা ব্যক্তিজন...

ৰাজহুৱা জীৱনত কৰা বিভিন্ন কল্যাণমূলক কামৰ বাবে কিশোৰ হাজৰিকাই কেবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷ তাৰ ভিতৰত 2019 চনত লাভ কৰিছিল বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, অৰুণাচল প্ৰদেশ চৰকাৰৰ 2019 বৰ্ষৰ CERTIFICATE OF APRICIATION বঁটা, 2019 বৰ্ষৰ আৰোহণ কৰ্ম প্ৰেৰণা বঁটা, গীতাঞ্জলি বঁটাৰ লগতে ডুবাইত প্ৰদান কৰা হৈছিল Global International Achiever Award. সমাজ সেৱাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা বিশ্বনাথৰ কিশোৰ হাজৰিকাই অঞ্চলটোৰ ৰাইজৰ মাজত লাভ কৰিছে সমাদৰ ৷

লগতে চাওকঃ গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা

Intro:as_biswnaath_801_3_f_kisor_hazarika_vis_photo_scrpt_as10018Body:as_biswnaath_801_3_f_kisor_hazarika_vis_photo_scrpt_as10018Conclusion:as_biswnaath_801_3_f_kisor_hazarika_vis_photo_scrpt_as10018

ঐতিহাসিক গুপ্ত কাশী
বিশ্বনাথ ঘাট তথা পৰ্যটন নগৰী লৈ অৱদান কিশোৰ হাজৰিকা এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক প্ৰতিবেদন

ব্রহ্মপুত্রৰ উত্তৰপাৰে অৱস্থিত বিশ্বনাথ চাৰিআলি চহৰ পৰা ৫
প্রায় কিলোমিটাৰ দূৰৈত অৱস্থিত।
এই নগৰৰ সমীপতে অৱস্থিত বুৰঞ্জী প্রসিদ্ধ বিশ্বনাথ ক্ষেত্র। গুপ্তকাশী বিশ্বনাথ এক প্রসিদ্ধ পুণ্য তীৰ্থ আৰু পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।

প্রাচীন কালৰে পৰা আৰু বিশেষকৈ আহোম স্বৰ্গদেউসকলৰ দিনত ই এক ধাৰ্মিক কেন্দ্রস্থল হিছাপে থকাৰ উপৰিও বৃটিছ যুগলৈকে বিশ্বনাথ নদীপথ,সামৰিক আৰু প্রতিৰক্ষাৰ বাবে প্রাকৃতিক ভাৱে সুবিধাজনক স্থল আৰু প্রশাসনিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ স্থান হিছাপে বিখ্যাত আছিল।
কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিছাপে জনাজাত হ’ল।

আন এক কিংবদন্তি মতে আকৌ এক কোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্র বিশ্বনাথ পূৰ্ণ কাশী কিন্তু আজি ও সকলোৱে বিশ্বাস কৰে ।

কিন্তু পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱলিংগ বিশ্বনাথ ক্ষেত্রৰ পৰা চুৰি কৰি নি ব্রহ্মপুত্রৰ সিপাৰে হাতীমূৰ পৰ্বতৰ কাষৰ পৰ্বতত থাপিছিলগৈ।

এইদৰে বিশ্বনাথ এক কোটিলৈ এখন শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান বুলি কয় ।

এই টো বিশ্বনাথৰ মূল মন্দিৰটি অতি প্রাচীন কালৰ ।

বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্রাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আহি ব্রহ্মপুত্র পৰা ঠাইতে আছিল।

উল্লেখযোগ্য যে
পুৰণি দিনৰ তেজপুৰৰ হাৰূপেশ্বৰত ৰাজধানী পাতি শাসন কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ দিনতে (৬৫০-৯৯০ চন) পোনপ্রথমে বিশ্বনাথ শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি বহু লোকে কবলৈ বিচাৰে‌।

১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্রাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্রতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰোঁ হয় বুলি স্থানীয় লোকে প্ৰকাশ কৰে।‌

পিছত প্রতাপ সিংহৰ দিনৰ বিশ্বনাথ মন্দিৰটো সম্ভৱ ভাগি পৰাত প্রমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দ’লটো সুউচ্চকৈ বনাই দিয়ে।

পিছে ব্রহ্মপুত্রৰ বানত এই মন্দিৰ ধ্বংশপ্রাপ্ত হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমৰ বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই।কিন্তু মানৰ আক্রমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্র কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্রতিষ্ঠা কৰা হয়।
বিশ্বনাথ মন্দিৰৰ কাষতে ‘ভালুক গোসাঁই’ নামৰ শিলত কটা এটা মূৰ্তি আছে।

প্রায় ১০০ ছেঃ মিঃ মান ওখ বৰ্গক্ষেত্রাকাৰ চৰ্তুদিশে সিংহৰ দৰে মুখ কৰি থকা মূৰ্তিটোৰ মধ্য-শীৰ্ষাংশ এটা স্তূপ আকৃতিৰ।এনে ধৰণৰ প্রতিমূৰ্তি অসমৰ আন কোনো ঠাইতে পোৱা সম্ভেদ নাই।জনবিশ্বাস মতে ভালুক গোসাঁই থকাৰ বিশ্বনাথলৈ ভালুক আহিব নোৱাৰে আৰু কিবা বস্তু হেৰালে ইয়াত চাকি দিলে,হেৰুৱা বস্তু ঘূৰাই পায়।
বাম বিশ্বনাথৰ মূৰ্তি পিতলৰ।পিছত অস্থায়ীভাৱে প্রতিস্থা কৰা এই বিশ্বনাথ মন্দিৰটো অতি সুন্দৰকৈ মনিকূট আৰু নামঘৰসহ স্থাপন কৰা হৈছে।বাৰিষা পানীৰ তলত সোমাই থকা বিশ্বনাথ লিংগ খৰালি,কাতি মাহত ওলালে শিলৰ পৰা বালি খান্দি উলিয়াই অস্থায়ী ঘৰ সাজি তাত আঘোন মাহৰ এটি শুভ দিন চাই পূজা আৰম্ভ কৰা হয় আৰু বহাগ বিহুৰ ‘গোসাঁই বিহু’ৰ দিনালৈকে দৈনিক পূজা হয়।বাম আৰু পানী দুয়ো ঠাইতে অৱস্থান কৰা বাবে কোৱা হয় যে-
বিশ্বনাথ গোসাঁই লৰক-ফৰক
ছমাহ জলত ছমাহ তৰত।
বুঢ়ীগাঙৰ পাৰত বামৰ বিশ্বনাথ মন্দিৰৰ কিছু দূৰৈত এটা ডাঙৰ শিল আছে যিটোক বৰলা শিল বুলি কোৱা হয়।অকলশৰীয়াকৈ থকাৰ বাবে এই শিলৰ নাম বৰলাশিল হৈছে।

___________________

বিশ্বনাথ ঘাটত ব্রহ্মপুত্রৰ মাজত উমাটুমনি নামৰ এটা সৰু টিলাময় দ্বীপ আছে।য’ত উমাদেৱীৰ মন্দিৰ আছে ।
*উমাটুমনি*
বা *উমাবন *দ্বীপত চক্রেশ্বৰ*,
*হৰিহৰ*
*কৰ্দমেশ্বৰ*,
*বাসুদেৱ*
*নাঙ্গলেশ্বৰ*
*ভৈৰৱেশ্বৰ*, *সিদ্বেশ্বৰ*
আদি কেইবাখনো *দেৱালয়* আছে।
বামৰ বিশ্বনাথ মন্দিৰৰ অলপ দক্ষিণত ব্রহ্মপুত্রৰ পাৰত এটা *প্রকাণ্ড শিলাখণ্ডৰ ওপৰত চণ্ডী মন্দিৰ অৱস্থিত*

এই দেৱালয়ৰ প্রাচীনতা বিশ্বনাথ মন্দিৰৰ সমসাময়িক।
*চণ্ডীমন্দিৰৰ ১৩ মিটাৰ মান পশ্চিমত সূৰ্য-মাধৱ দেৱালয় অৱস্থিত*।
১৬৮৫ চনতে গদাধৰ সিংহই মূৰ সূৰ্য-মাধৱ দেৱালয় সজাইছিল।ইয়াৰ অলপ আঁতৰত ব্রহ্মপুত্রৰ দাঁতিত *মুক্তিনাথ দেৱালয়* আছে।বিশ্বনাথত আহোম যুগৰ সৰ্বশেষ কীৰ্তিচিহ্ন বুলি চিহ্নিত এই মন্দিৰ স্বৰ্গদেউ চন্দ্রকান্ত সিংহই ১৮১৫ চনত নিৰ্মাণ কৰাইছিল।মুক্তিনাথ দেৱালয়ৰ পশ্চিমে আছে *কমলেশ্বৰ শিৱ দেৱালয়*।১৮০০ চনত কমলেশ্বৰ সিংহই এই দেৱালয় সজাইছিল।
চণ্ডী মন্দিৰৰ ওচৰতে উত্তৰ পশ্চিমে আছে বাণেশ্বৰ বৰদ’ল।বিশ্বনাথ ক্ষেত্রত বৰ্তমান পোৱা সকলোতকৈ ডাঙৰ আৰু পূৰ্ণাংগ ৰূপত থকা এই দ’লটিৰ শিৱ লিংগ বাণ ৰজাই স্থাপন কৰিছিল বুলি জনা যায়।প্রায় ১৮ মিটাৰ মিটাৰ ওখ এই দ’লটো ১৭৫৯ চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল।
বিশ্বনাথ ক্ষেত্রৰে অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ পৰা প্রায় ৭ কিলোমিটাৰ ।
বিশ্বনাথ ক্ষেত্রত মূল বিশ্বনাথকে ধৰি সাতাইশখন দেৱালয়ৰ ভিতৰত এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মাণ কৰা হৈছিল।
বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ,উমা,চণ্ডী,মুক্তিনাথ,বাণেশ্বৰ বৰদ’ল,সূৰ্য-মাধৱ,কমলেশ্বৰ আৰু বুঢ়া মাধৱ দেৱালয়ত পূজা-উৎসৱ আদি অনুস্থিত হৈ থাকে।

বিশেষকৈ এই প্ৰচীন সম্পদ সমুহ সংৰক্ষণ চিন্তা চৰ্চাৰ আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিশ্বনাথ মোনাবাৰী বালিপুখুৰী বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই ( কল্প) ২০১৩ চনতে ব্ৰহ্মপুত্ৰ নদী মাজত অৱস্থিত উমাটুমনি দ্বীপ ত এখন ৰিৰ্জট খুলি এই গুপ্ত কাশী বিশ্বনাথ ঘাটত এই প্ৰাচীন সম্পদ সমুহ পৰ্যটনক আকৰ্ষিত কৰিবলৈ আৰু এই মদ মন্দিৰ সমুহ সংৰক্ষণ বাবে এক নিজা ববীয়া কৈ প্ৰচেষ্টা হাতত লৈ দুটাকৈ মন্দিৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবাঢ়াই দিয়া দেখা গৈছে ।
একমাত্ৰ তেওঁ উদ্দেশ্য গুপ্ত কাশী বিশ্বনাথ য'ত আপুনি মই দেখিবলৈ পাম উনকোটি শিল লিংগ ‌।মাত্ৰ এক কোটি লৈ এখন শিৱ লিংগ কম ।
এই প্ৰাচীন সম্পদ বুৰঞ্জীত প্ৰসিদ্ধ মন্দিৰ আপুনি দেখিবলৈ পাব ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব উমাটুমনি দ্বীপ লৈ। য'ত আপুনি দেখা পাব উমাদেৱী মন্দিৰ, চক্ৰেশ্বৰ, হৰিহৰ, কৰ্দমেশ্বৰ, বাসুদেৱ, নাংলেশ্বৰ, ভৈৰৱেশ্বৰ, সিদ্বেশ্বৰ আদি কেইবাখনো দেৱালয় ।
য'ত এই কিশোৰ হাজৰিকা সজাগতা আৰু চিন্তা চৰ্চাত সংৰক্ষণ ।
ইফালে এই কিশোৰ হাজৰিকা ই পত্নী স্নিগ্ধা জ্যোতি

গোস্বামী হাজৰিকা
আৰু বন্ধু বৰ্গ সহায়ত এই উমাটুমনি দ্বীপ সুন্দৰ কৈ পুণৰ নিৰ্মাণ কৰি উলোৱাইছে নাংলেশ্বৰ মন্দিৰ , কমলেশ্বৰ দেৱালয়, কমলেশ্বৰ শিৱ দেৱালয়,আৰু অন্য এটা মন্দিৰ নিৰ্মাণ হাতত লৈছে ‌।
উল্লেখযোগ্য যে বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই একমাত্ৰ মদ মন্দিৰ নিৰ্মান ওপৰিও অঞ্চলটো বহু দৰিদ্ৰ শিশুক ঠাণ্ডা মাহত প্ৰতি বছৰে গৰম কাপোৰ যোগান ধৰা, বানপানী সময়ত বিভিন্ন লোকক খাদ্য সামগ্ৰী বিতৰণ ৰ
লগতে , অঞ্চলটো একাংশ দৰিদ্ৰ সীমা ৰেখা ছাত্র ছাত্ৰীক পঢ়া শুনা ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় সহযোগিতা ও কৰা দেখা গৈছে ।
ইফালে তেওঁ বহু নিবনুৱা লৰা ছোৱালীক সংস্থাপনৰ পথ দেখুৱাই নিবনুৱা সমস্যাৰ সমাধানৰ এক পদক্ষেপৰ হাতত লোৱা দেখা গৈছে ।
তাৰ ওপৰিও কিশোৰ হাজৰিকা ই গুপ্ত কাশী বিশ্বনাথ ঘাটত নিকটৱৰ্তী অঞ্চল সমুহত স্বচ্ছ তা ওপৰত গুৰুত্ব দি যোৱা পাচ বছৰে বিভিন্ন ৰাজহুৱা স্থানত স্বচ্ছ তা কায্যসুচী য়ে সজাগতা অনা লগতে বহু স্থানত তেওঁ নিজকৈ ডাষ্টবিন বিতৰণ, দুখনকৈ বিদ্যালয় ক্ৰমে চতিয়া একাডেমী, আৰু বালিপুখুৰী অন্নপুৰ্ণা প্ৰাথমিক বিদ্যালয়ৰ
ছাত্র ছাত্ৰী সুবিধা হোৱাকৈ কিছু
ডেক্স বেঞ্চ প্ৰদান কৰা লগতে
বিভিন্ন বিদ্যালয়ত ১ হাজাৰ গছ পুলি ৰোপন কৰি এক সেউজ বিপ্লৱ ও অনা চেষ্টা অব্যাহত ৰাখিছে ।
বিভিন্ন সময়ত এনেবোৰ ৰাজহুৱা সেৱা কৰি বৰ্তমান লৈকে কিশোৰ হাজৰিকাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
বঁটা সমুহ এনে ধৰণৰ
1) গীতাঞ্জলি বঁটা - ২০১৯- গুৱাহাটী
২) আৰোহণ কৰ্ম প্ৰেৰণা বঁটা - ২০১৯, গুৱাহাটী।
৩) CERTIFICATE OF APRICIATION ,2019'from ARUNACHAL GOVT.
৪) Babu Jagjivan Ram National Sanman Podok, ২০১৯
৫) Global International Achiever Award, DUBAI

বাইট- ১/ কিশোৰ হাজৰিকা,
২/ চতিয়া একাডেমী অধ্যক্ষ
৩/ অন্নপুৰ্ণা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী ।
৪/ মোনাবাৰী আছা সদস্য

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম

বি: দ্ৰ: বাকী সমুহ as_biswnaath_802_3_f_kisor_hazarika_vis_byte_dl_as10018
send by aspera plz check
Last Updated : Feb 10, 2020, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.