ETV Bharat / state

মোনাবাৰী চাহ বাগিচালৈ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ এম্বুলেঞ্চ প্ৰদান

author img

By

Published : Aug 3, 2019, 6:42 PM IST

বিহালীৰ মোনাবাৰী চাহ বাগিচাৰ দীৰ্ঘদিনীয়া অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক পুঁজিৰ পৰা জলসিঞ্চন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ অত্যাধুনিক এম্বুলেঞ্চ প্ৰদান

মোনাবাৰী চাহ বাগিচালৈ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ এম্বুলেঞ্চ প্ৰদান

বিশ্বনাথ, 2 আগষ্টঃ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিৎ দত্তক শুক্ৰবাৰে দেখা গ'ল এম্বুলেঞ্চৰ চালকৰ ৰূপত ৷ দৰাচলতে বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগিচাত বহু দিনৰ পৰাই ৰোগী সকলৰ বাবে প্ৰয়োজন হৈ আছিল এম্বুলেঞ্চ সেৱাৰ ৷ উল্লেখযোগ্য যে, চাহ বাগিচাখনত পূৰ্বৰে পৰা এখন এম্বুলেঞ্চ আছিল যদিও সেই এম্বুলেঞ্চ খন অতি পুৰণি হৈ পৰা বাবে ৰোগীক দূৰলৈ চিকিৎসাৰ বাবে নিবৰ বাবে ভাড়া গাড়ী আনিব লগীয়া হৈছিল । একে সময়তে ৰোগীৰ সংখ্যা দিনক দিনে চাহ বাগিচা খনত বৃদ্ধি পোৱাৰ বাবেও আৰু এখন এম্বুলেঞ্চৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই আহিছিল ৷ এই সমস্যাৰ বিষয়ে বিহালী আটছা আৰু স্থানীয় লোকে মন্ত্ৰী গৰাকীক অৱগত কৰোৱাৰ পাছতেই শুক্ৰবাৰে বাগিচাখনৰ লোকসকলৰ সুবিধাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিধায়ক পুঁজিৰ পৰা এখন অত্যাধুনিক এম্বুলেঞ্চ প্ৰদান কৰি নিজে এম্বুলেঞ্চখন চলাই শুভ উদ্বোধন কৰে ৷ ইয়াৰোপৰি মোনাবাৰী চাহ বাগিচাৰ ভিতৰত থকা এটা নামঘৰৰ উন্নয়নৰ বাবেও নিজ বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকা প্ৰদান কৰে ৷ মন্ত্ৰী গৰাকীৰ এনে কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে বাগিচাখনৰ শ্ৰমিক তথা সাধাৰণ ৰাইজে ৷

Intro:as_biswanath_802_monabari_tea_gardeen_vis_byte_scrpt_photo_as10018Body:as_biswanath_802_monabari_tea_gardeen_vis_byte_scrpt_photo_as10018Conclusion:as_biswanath_802_monabari_tea_gardeen_vis_byte_scrpt_photo_as10018

এম্বুলেঞ্চৰ চালকৰ ৰূপত মন্ত্ৰী ৰঞ্জিৎ দত্ত।
বিশ্বনাথ জিলাৰ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ ঘোষনা:
প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে পুজি প্ৰদানৰ বাবে মই সাজু

বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিৎ দত্তক আজি দেখা গ'ল এম্বুলেঞ্চৰ চালকৰ ৰূপত।
দৰাচলতে বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাত আজি বহু দিনৰ পৰাই ৰোগী সকলৰ বাবে প্ৰয়োজন হৈ আছিল এখন এম্বুলেঞ্চৰ।
চাহ বাগিচাখনত পুৰ্বৰে পৰা এখন এম্বুলেঞ্চ আছিল যদিও সেই এম্বুলেঞ্চ খন অতি পুৰণি হৈ পৰিছিল।যাৰ বাবে ৰোগীক দুৰলৈ চিকিৎসাৰ বাবে নিবৰ বাবে ভাড়া গাড়ী আনিব লগীয়া হৈছিল।আনহাতে ৰোগীৰ সংখ্যা দিনক দিনে চাহ বাগিচা খনত বৃদ্ধি পোৱাৰ বাবেও প্ৰয়োজন হৈ পৰিছিল আৰু এখন এম্বুলেঞ্চৰ।সেয়েহে বিহালী আটচা আৰু স্থানীয় লোকে মন্ত্ৰী গৰাকীক এই বিষয়ে অৱগত কৰিছিল
।আজি মোনাবাৰী চাহ বাগিচাৰ এই দীৰ্ঘ দিনীয়া অভাৱ পুৰণ কৰিলে মন্ত্ৰী ৰঞ্জিৎ দত্তই।মন্ত্ৰী গৰাকীয়ে বিধায়ক পুজিৰ পৰা আজি এই অত্যাধুনিক এম্বুলেঞ্চ খন প্ৰদান কৰি শুভ উদ্বোধন কৰি এইদৰে এপাক নিজে এম্বুলেঞ্চখন চলাই চালে।
কেৱল এম্বুলেঞ্চ খনেই নহয়, মন্ত্ৰী গৰাকীয়ে আজি বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ ভিতৰত থকা এই নামঘৰটোৰো উন্নয়নৰ বাবে নিজ বিধায়ক পুজিৰ পৰা পাচ লাখ টকা প্ৰদান কৰে।

আনহাতে মন্ত্ৰী গৰাকীয়ে বিহালীত প্ৰয়োজন হোৱা বহু উন্নয়ন মূলক কাম কৰাৰ আশ্বাস প্ৰদান কৰে।
লগতে মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে পুজি প্ৰদানৰ বাবে মই সাজু বুলি বক্তব্য ৰাখে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.