বিশ্বনাথ,11 ফেব্ৰুৱাৰী : বুধবাৰে বিশ্বনাথৰ বাঘমাৰী গেট নিবাসী বিশিষ্ট সমাজকৰ্মী, জৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ, ধৰ্মপ্ৰাণা মহিলা কিৰণবালা বৰুৱাৰ পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ । বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বৰুৱা অসমীয়া প্ৰতিদিন কাকতৰ জিনজিয়াৰ সংবাদদাতা পংকজ বৰুৱাৰ মাতৃ ৷
মৃত্যুৰ সময়ত বৰুৱাই পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ ওপৰিও বহুতো আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় । এসময়ৰ অসম গণ পৰিষদ দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল কিৰণবালা বৰুৱা । অঞ্চলটোৰ বহু সামাজিক কামৰ লগত জড়িত বয়োজ্যেষ্ঠ মহিলা কিৰণবালা বৰুৱাৰ মৃত্যুত এতিয়া অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷
অন্য এক খবৰৰ বাবে: অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ