বিশ্বনাথ, 7 ফেব্ৰুৱাৰীঃ ব্ৰেইন টিউমাৰ দৰে জটিল ৰুগত আক্ৰান্ত বিশ্বনাথৰ মাথাউৰি চেন্টাৰৰ এটি কণমানি শিশু। মাত্ৰ ৯ মাহ বয়সত মাটিত খেলি থাকোতে মূৰত আঘাত পাইছিল শিশুটিৱে ৷ তাৰ পিচতে শিশুটিৰ জীৱনলৈ নামি আহে ঘোৰ আন্ধকাৰ। শিশুটি ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত হোৱাৰ ফলত দুয়োটা চকুৰেও দেখা নাপায়।
পিতৃ আবুল চাহেদ আৰু মাতৃ জোহোৰা খাতুনৰ ৪ বছৰীয়া কনিষ্ঠ সন্তান মাজিদুল আহমেদক সুস্থ কৰাৰ বাবে ডিব্ৰুগড়,গুৱাহাটীলৈ গৈ চিকিৎসা কৰাইছিল যদিও সুফল নাপালে । এই পৰ্যন্ত ৪ৰ পৰা ৫ লাখ টকা খৰচ কৰিও ভাল কৰিব পৰা নাই পুত্ৰৰ ৰোগ। সংবাদ মাধ্যমৰ যোগেদি জৰিয়তে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান এই দুৰ্ভগীয়া পৰিয়ালটোৰ, শিশুটিক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ৷ যদি কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেন্তে ভাৰতীয় ষ্টেষ্ট বেংক চতিয়া শাখাৰ এই নম্বৰত আৰ্থিক সহায় প্ৰদান কৰিব পাৰে
AC-36529939330.
IFSC CODE-SBIN0012972
Sootea Branch