ETV Bharat / state

অসমীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বিনোদ খনালৰ কথাৰে...

author img

By

Published : Aug 20, 2020, 10:20 PM IST

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাৱঁত ১৯৫৯ চনত জন্ম গ্ৰহণ কৰা বিনোদ খনাল ১৯৭৬ চনৰ পৰাই সাংস্কৃতিক জগতৰ লগত জড়িত হৈ পৰে ৷ প্ৰায় ৪০ বছৰৰ অধিক কাল খনালে বৃহৎ অসমীয়া জাতিটোক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিবৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি অহৰহ চেষ্টা কৰি আহিছে ৷

gorkha veteran artist
gorkha veteran artist

বিশ্বনাথ, ২০ আগষ্ট : সংস্কৃতি হৈছে এটা জাতিৰ দাপোন ৷ সংস্কৃতি জীয়াই থাকিলেহে আমাৰ জাতি জীয়াই থাকিব আৰু জাতি জীয়াই থাকিলে আমি জীয়াই থাকিম,অসমীয়া জীয়াই থাকিব ৷ বাৰেৰহণীয়া ভাষা আৰু সংস্কৃতিৰ মিলন ভূমি এইখন অসম ৷ নানা জাতি নানা জনগোষ্ঠীৰ সুৰীয়া সংস্কৃতিৰে জীপাল অসমৰ কৃষ্টিৰ পথাৰ ৷ সেই সমূহৰ ভিতৰত অন্যতম গোৰ্খাসকল ৷ একনিষ্ঠ ভাৱে গোৰ্খাসকলৰ কৃষ্টি সংস্কৃতিৰ সাধনা কৰা এগৰাকী সাধক হৈছে বিনোদ খনাল ৷ তেখেতৰ শিল্প কৰ্মৰ বাবে 2020 বৰ্ষত শিল্পী পেঞ্চন লাভ কৰিছে অসম চৰকাৰৰ পৰা ৷

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাৱঁত ১৯৫৯ চনত জন্ম গ্ৰহণ কৰা বিনোদ খনাল ১৯৭৬ চনৰ পৰাই সাংস্কৃতিক জগতৰ লগত জড়িত হৈ পৰে ৷ প্ৰায় ৪০ বছৰৰ অধিক কাল খনালে বৃহৎ অসমীয়া জাতিটোক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিবৰ বাবে বিভিন্ন বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি অহৰহ চেষ্টা কৰি আহিছে ৷

বিনোদ খনালৰ সাক্ষাৎকাৰ

১৯৮৪ ত অন্য ’এক সংগ্ৰামৰ প্ৰস্তুতি’ শীৰ্ষক নাট ৰচনা কৰি অসমীয়া ,নেপালী আৰু হিন্দী ভাষালৈ অনুবাদ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিবলৈ সক্ষম হয় বিনোদ খনাল । তাৰ লগতে ‘গৰীৱ হোৱাও এক অভিশাপ’ নামৰ নাটক খন ১৯৮৪ চনত ৰচনা কৰি নিজেই মঞ্চত অভিনয় কৰিছিল ৷ তাৰ পাছত ‘পৰিবাহ’ নামৰ নাটখন ১৯৮৮ চনত উত্তৰ-পূৰ্বাঞ্চলৰ মাজত বহল ভাৱে প্ৰচাৰ কৰাৰ উদ্দেশ্য ভিডিঅ’ প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে ।

এই ৪০ বছৰীয়া জীৱনত এই কেইখন অন্যতম নাট বুলি উল্লেখ কৰে খনালে তাৰ ওপৰিও বহু কেইখন নাটক নিজেই লিখি মঞ্চত উপস্থাপন কৰিছে । আনহাতে বিশিষ্ট লোক সাংস্কৃতিক সাধক খনালৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্কিড উদ্যোগত এটা সংগ্ৰাহলয় থকাৰ কথাও উল্লেখ কৰে ।

অসমীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বিনোদ খনালৰ কথাৰে...

উল্লেখযোগ্য যে, এই লোককৃষ্টিৰ সাধক বিনোদ খনালক ২০১৮ চনত সদৌ অসম ছাত্ৰসন্থাই পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰিছিল । খনালৰ সপোন বিহালীত সমষ্টিত এটা সাংস্কৃতিক সংগ্ৰহলয় নিৰ্মাণ কৰা, তাৰ বাবে ইতিমধ্যে বিষয়টো অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তক অৱগত কৰা বুলিও উল্লেখ কৰে শিল্পী গৰাকীয়ে ।

লগতে পঢ়ক : উন্নয়নৰ মুখ নেদেখা গোলাঘাট জিলাৰ এখন গাঁৱৰ দুৰৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.