ETV Bharat / state

মৌ পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ - Kanyaka farm in Sootea

মৌ পালনো হ’ব পাৰে স্বাৱলম্বনৰ এক পথ (Beekeeping can be a way of self sufficiency)৷ মৰ্ত্যৰ অমৃত স্বৰূপ এই মৌৱে প্ৰতিৰোধ কৰিব পাৰে বিবিধ ৰোগ ৷ সেই মৌ পালনৰ জৰিয়তে কেনেকৈ সেউজ বিপ্লৱৰ সূচনা কৰিব পাৰি সেয়া কৰি দেখুৱাইছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ সপোনৰ জীয়া ভৰলী পৰীয়া কন্যকাই ৷ কন্যকাৰ মৌ পালন সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Beekeeping being self reliant by farming
মৌ পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ
author img

By

Published : Aug 23, 2022, 7:08 PM IST

চতিয়া, ২৩ আগষ্ট : মৌ মৰ্ত্যৰ অমৃত ৷ এই মৌ আজিকালি বজাৰত প্ৰায়ে উপলব্ধ ৷ পিছে সকলোবোৰ বজাৰত উপলব্ধ মৌৰ গুণাগুণ একে নহয় ৷ বিভিন্ন ঔষধি গুণসম্পন্ন এই মৌৰ আছে ৰোগ প্ৰতিৰোধ ক্ষমতা ৷ পিছে আমি কোনেও এই মৌ পালন কৰাৰ কথা নাভাবো ৷ কিন্তু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিবনুৱাক কৰ্মমুখী চিন্তাৰে স্বাৱলম্বী কৰাৰ এক সপোন দেখিছিল ৷

Beekeeping being self reliant by farming
মৌ পালনো হ’ব পাৰে স্বাৱলম্বনৰ এক পথ

সেই সপোন দিঠকত পৰিণত কৰাৰ উদ্দেশ্যে চতিয়াৰ বিধায়কগৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে জীয়া ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম ৷ চতিয়াৰ এই পামখন হাঁহ, কুকুৰা, পলু আদিৰ লগতে মৌ পালনৰ জৰিয়তেও ৰাইজৰ মাজত জনপ্ৰিয় হৈছে পৰিছে ৷ এই কন্যাকা পামত কেৱল মৌ পালন কৰাই নহয়, মৌ পালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হয় (Beekeeping can be self reliant by cultivating)৷

জীয়া ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ এগৰাকী সদস্য বিজয় কটকীয়ে উল্লেখ কৰা অনুসৰি, এমাহত ৯৭ বাকচ মৌৰ পৰা কন্যাকা পামে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৬ লাখতকৈও অধিক টকা (Kanyaka farm in Sootea)৷

মৌ পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

কল্পনা কৰিব নোৱাৰা এই অসাধ্য সাধন কৰি দেখুৱাইছে কন্যাকাই ৷ তেওঁলোকে সমষ্টিৰ স্বাভিমানৰ প্ৰতীক কন্যাকালৈ সুদূৰ কলকাতাৰ পৰা আনিছে ৯৭ বাকচ মৌ আৰু সম্পূৰ্ণ স্বাভাবিকভাৱে উৎপাদন কৰিছে এই মৌ ৷ শেহতীয়াভাৱে আৰু আৰু পাঁচ হাজাৰ বাকচ মৌ আনি সমষ্টিৰ নিবনুৱা যুবকৰ মাজত বিতৰণৰ চেষ্টা চলাই থকা বুলি কৈ কন্যাকাৰ মৌ পালকগৰাকীয়ে উল্লেখ কৰে (Kanyaka farm by Padma Hazarika)৷

উল্লেখ্য যে, যিসময়ত এটা চৰকাৰী চাকৰিৰ পিচত হাজাৰ হাজাৰ নিবনুৱাই তাঁত-বাটি কাঢ়ি ফুৰিছে ৷ সেই সময়ত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জীয়া ভৰলী পৰীয়া কন্যাকাই দেখুৱাইছে নিবনুৱা সংস্থাপনৰ এক পথ ৷ এই পথ সাৰোগত কৰিলে স্বাভাৱিকতে ৰাজ্যৰ পৰা নিবনুৱা সমস্যা কিছু পৰিমাণে হ’লে লাঘৱ হ’ব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক : কৃষি কৰ্ম, মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ চেষ্টা এজন অসমীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.