ETV Bharat / state

মাফ কৰা হ'ব বন্ধন বেংকৰ ঋণঃ ৰিপুন বৰা

author img

By

Published : Jun 19, 2020, 9:09 PM IST

2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ শাসনত আহিলে সকলো মহিলাৰ বন্ধন বে‌ংকত থকা ঋণ চৰকাৰে মাফ কৰি দিয়াৰ লগতে কৃষকৰ ঋণ সমূহো চৰকাৰে সম্পূৰ্ণৰূপে মাফ কৰি দিব ৷ ইপিনে বৰ্তমানৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে,COVID-19ৰ সুযোগ লৈ বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ কৈ বিজেপি দলে হাজাৰ হাজাৰ মানুহ লগত লৈ দলীয় কাম কৰি আছে ৷

Bandhan Bank's debt will be forgiven
মাফ কৰা হ'ব বন্ধন বেংকৰ ঋণঃৰিপুন বৰা

বিশ্বনাথ,19 জুনঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আজি 50তম্ জন্মদিন ৷ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ গহপুৰ সমষ্টিটো কংগ্ৰেছ কৰ্মীসকলে উদযাপন কৰে ৰাহুল গান্ধীৰ জন্মদিন ৷ গহপুৰ পূৰ্ব ঘগৰা কংগ্ৰেছ মণ্ডলৰ উদ্যোগত শুকুৰবাৰে হৰি মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কংগ্ৰেছ নেতাগৰাকীৰ জন্মদিন ৷ জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ৷

মাফ কৰা হ'ব বন্ধন বেংকৰ ঋণঃৰিপুন বৰা

সভাপতিগৰাকীয়ে নিজৰ ভাষণত প্ৰসংগত কয় যে, 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ শাসনত আহিলে সকলো মহিলাৰ বন্ধন বে‌ংকত থকা ঋণ চৰকাৰে মাফ কৰি দিয়াৰ লগতে কৃষকৰ ঋণ সমূহো চৰকাৰে সম্পূৰ্ণৰূপে মাফ কৰি দিব ৷ ইপিনে বৰ্তমানৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে, COVID-19ৰ সুযোগ লৈ বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ কৈ বিজেপি দলে হাজাৰ হাজাৰ মানুহ লগত লৈ দলীয় কাম কৰি আছে ৷ আনহাতে বৰ্তমান সময়ত বিজেপি চৰৰকাৰখন দৰিদ্ৰ লোকৰ পক্ষত থকাৰ সলনি ধনী শ্ৰেণীৰ লগতহে আছে বুলি কটু সমালোচনা কৰে ৷

উল্লেখযোগ্য যে,জন্মদিনৰ অনুষ্ঠানতে 2021 চনত কংগ্ৰেছ দলক জয়ী কৰোৱাই চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে দলীয় কৰ্মীসকলক শপত বাক্য পাঠ কৰাই প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.