ETV Bharat / state

অপপ্ৰচাৰত জড়িত ব্যক্তিক কঠোৰ সকীয়নি বিজেপিৰ - Pressmeet Of Bihali BJP

বিহালীত বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰত জড়িত হৈছে একাংশ লোক ৷ সেই সন্দৰ্ভত সোমবাৰে বাঘমৰা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰি এনে কাৰ্যত জড়িতৰ অভিযোগত জয়ন্ত বৰা নামৰ এগৰাকী ব্যক্তিক কঠোৰ সকীয়নি প্ৰদান কৰে ৷

Baghmara BJP has taken a hard line on individuals involved against propaganda biswanath assam etv bharat news
অপপ্ৰচাৰত জড়িত ব্যক্তিক কঠোৰ সকীয়নি বাঘমৰা বিজেপিৰ
author img

By

Published : Jun 22, 2020, 6:47 PM IST

বিশ্বনাথ,22 জুন: দীৰ্ঘদিনৰ পৰা বিশ্বনাথ জিলাৰ বিহালীত বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে একাংশ লোক ৷ সেই সন্দৰ্ভত সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি বাঘমৰা মণ্ডল বিজেপিৰ বিষয়ববীয়াসকলে এই কাৰ্যত জড়িত ব্যক্তিক কঠোৰ সকীয়নি প্ৰদান কৰে ৷ সংবাদমেলখনত বাঘমৰা মণ্ডল কমিটিৰ সভাপতি দধিৰাম শৰ্মাই খৰাশিমলুৰ বাসিন্দা জয়ন্ত বৰা এই অপপ্ৰচাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৷ বৰাই দীৰ্ঘদিনৰ পৰা বিভিন্ন সংবাদ মাধ্য়মৰ আগত বিজেপিৰ সক্ৰিয় সদস্য বুলি দাবী কৰাৰ লগতে সাম্ভাব্য নিৰ্বাচনৰ টিকটৰ দাবীদাৰ বুলি প্ৰচাৰ চলাই আহিছিল ৷ উদ্বেগপূৰ্ণ কথাটো হৈছে যে, তেনে নামৰ কোনো ব্যক্তি বিহালী সমষ্টিৰ বিজেপি দলৰ অন্তৰ্ভূক্ত নহয় ৷

অপপ্ৰচাৰত জড়িত ব্যক্তিক কঠোৰ সকীয়নি বাঘমৰা বিজেপিৰ

উল্লেখ্য যে, দলটোৰ সক্ৰিয় সদস্য হ’বলৈ হ’লে কিছুমান নিৰ্দিষ্ট নিয়ম থাকে ৷ এই নিয়ম পালনৰ জৰিয়তেহে কোনো ব্যক্তি সক্ৰিয় সদস্যৰ পদ গ্ৰহণ কৰিব পাৰে ৷ কিন্তু জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীয়ে তেনে কোনো নিয়ম পালন নকৰাকৈ দলটোৰ প্ৰাথমিক সদস্য নোহোৱাকৈ আত্মপ্ৰচাৰত জড়িত থকাৰ তথ্য শাসকীয় দলটোৰ বিহালী শাখাৰ হাতত মজুত আছে ৷ বৰাই বিগত কা আন্দোলনৰ সময়তে কংগ্ৰেছ দলৰ কেইজনমান নেতাৰ প্ৰৰোচনাত স্থানীয় বিধায়ক ৰঞ্জিত দত্তৰ বাসগৃহ ভঙা কাৰ্যত লিপ্ত হৈছিল ৷ গতিকে তেনে ব্যক্তিক দলটোৰ সদস্য পদ দিবলৈকো অমান্তি প্ৰকাশ কৰে বিহালী বিজেপিৰ সকলো কৰ্মকৰ্তাই ৷ ভৱিষ্যতে ব্যক্তিগৰাকী এই কাৰ্যত লিপ্ত থাকিলে ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি দধিৰাম শৰ্মাই ৷

লগতে চাওকঃ হাইলাকান্দিত কেলেংকাৰীত অভিযুক্তক বদলিৰ বাবে ভিন্ন দল-সংগঠন ক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.