বিশ্বনাথ, 2 জানুৱাৰী : বৰপামত অৱস্থিত অসম আদৰ্শ বিদ্যালয়ে পালন কৰিলে দুবছৰীয়া প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগতে বিদ্যালয়খনত উদযাপন কৰা হয় বাৰ্ষিক অধিৱেশন ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত ভাগ লয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীকে ধৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে (Assam Model School celebrates Foundation Day at Barpam) ৷
কাৰ্যসূচী অনুসৰি, পুৱা দহ বজাত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে বিদ্যালয় প্ৰাংগণত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ তাৰপিছত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অসম আদৰ্শ বিদ্যালয়ৰ সঞ্চালক নৃপেন বৰদলৈয়ে ৷ সভাখনৰ উদ্দেশ্য বাখ্যা আগবঢ়ালে প্ৰধান শিক্ষক সঞ্জয় কলিতাই ৷
সভাত মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে নাট্যকাৰ, চতিয়া আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি বৰদলৈ আৰু 5 নং গাওঁ পঞ্চায়তৰ সভানেত্ৰী পদ্মা বড়ো ৷ বিৰিঞ্চি বৰদলৈয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি শিক্ষাৰ দিশত শিশুক স্বাৱলম্বী কৰাৰ কৌশল অৱগত কৰে ৷
আনহাতে, পদ্মা বড়োৱে বৰপামৰ অসম আদৰ্শ বিদ্যালয়খনৰ দৰে আৰু বিদ্যালয় অসমৰ প্ৰতিখন পঞ্চায়তত হ'লে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড বহুখিনি উন্নত হ'ব বুলি মত ব্যক্ত কৰে ৷
অভিভাৱকৰ ফালৰ পৰা ডিপলোঙা বাগিচাৰ চিকিৎসক ডাঃ নৃপেন বড়ো, লক্ষীমাই বড়ো, যুগলাল পাটৰ, ৰবিউল হুছেইন, ৰাণীমাই দাসৰ লগতে বহু কেইগৰাকী ব্যক্তিয়ে বিদ্যালয়ৰ শৈক্ষিক দিশৰ শলাগ লোৱাৰ লগতে একেলগে তিনিটা ভাষাত পাঠদান কৰা প্ৰক্ৰিয়াক ভূয়সী প্ৰশংসা কৰে ৷
বিদ্যালয়খনৰ সঞ্চালক নৃপেন বৰদলৈয়ে অনলাইন আৰু অফলাইন মাধ্যমৰ জৰিয়তে ক’ভিড অতিমাৰীয়ে বিধ্বস্ত কৰা পৰিৱেশত শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷
উক্ত সভাত বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰপৰা প্ৰত্যেকজন শিক্ষক-কৰ্মচাৰীক ইংৰাজী নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰা হয় ৷ বিদ্যালয় বন্ধ থকাৰ সময়ত ঘৰে ঘৰে পাঠদান কৰাৰ দৰে কাৰ্যসূচীসমূহে অসমৰ শিক্ষা জগতত এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি বহুকেইজন ব্যক্তিয়ে মত ব্যক্ত কৰে ৷ সভাৰ শেষত সকলোৱে একত্ৰিত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে ৷
লগতে পঢ়ক: First day of 2022 : নৱবৰ্ষৰ পহিলা দিনটোত পিকনিকৰ পৰিবৰ্তে নামঘৰলৈ নৱপ্ৰজন্ম