বিশ্বনাথ, ২৫ মেঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৫ জন ষ্টাৰসহ ১০০% উত্তীৰ্ণ হ'ল বিশ্বনাথ জিলাৰ জিনজিয়াত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী ।
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ফলাফলক লৈ বিশ্বনাথ জিলা জিনজিয়াত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয়ত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় । উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩২ গৰাকীৰ ছাত্ৰ- ছাত্ৰী অৱত্তীৰ্ণ হৈছিল । তাৰোপৰি ৫ জনে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয় । আটাই কেইজন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে সেই অঞ্চলৰ লগতে আৰ্দশ মহাবিদ্যালয় খনলৈও । ইয়াকে লৈ মহাবিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰী সকলে ঢোল -তাল লৈ আনন্দত মতলীয়া হৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে ।
লগতে আন এটা বাতৰি- গাড়ীচালকৰ সন্তান ইমদাদুলে আজুৰিলে বিজ্ঞানৰ ষষ্ঠ স্থান