বিশ্বনাথ 27 ডিচেম্বৰঃ সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ (২০১৮)ৰ চূড়ান্ত ফলাফলত ১১৮ নং স্থান দখল কৰি সাফল্য অৰ্জন কৰিছে মেধাৱী ছাত্ৰী জলি দাসে । গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজান ৰাঙলীয়াল নিবাসী তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা প্ৰয়াত ক্ষিৰোদ কুমাৰ দাস আৰু ৰূপজ্যোতি দাসৰ কন্যা জলি দাসৰ সাফল্যই সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
উল্লেখযোগ্য যে, ঘোষণা হোৱা ফলাফলত অসম অসামৰিক সেৱাৰ পদৰ বাবে বাছনি হোৱা জলি দাস সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত । লখিমপুৰৰ ছেণ্ট মেৰিছ স্কুলৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি প্ৰতিটো পৰীক্ষাৰ ফলাফলত সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা জলি দাসে পৰবৰ্তী সময়ত কটন কলেজৰ পৰা ২০১৫ চনত বিজ্ঞান শাখাত বায়'টেকনলজি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ।
২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰ বায়'লজি বিষয়ত বিজ্ঞান শাখাত স্মাতকোত্তৰ ডিগ্ৰী লাভ কৰি কৃতিত্বৰ অধিকাৰী হোৱা জলি দাসে ইয়াৰ পিছত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুতি চলায় । সেই অনুসৰি ২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সদ্যঘোষিত ফলাফলত আশাপ্ৰদ সফলতা লাভ কৰি কৃতিত্বৰ অধিকাৰী হয় মেধাৱী ছাত্ৰী জলি দাস । জলি দাসৰ এই সাফল্যই তেওঁৰ গৃহভূমি ব্ৰহ্মাজান ৰাঙলীয়ালত আনন্দ-উল্লাসৰ সৃষ্টি কৰাৰ লগতে সকলোৱে তেওঁক আন্তৰিক অভিনন্দন জনাইছে ।
লগতে পঢ়কঃ ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ পথত লখিমপুৰৰ ঐতিহাসিক ঘূণাসূঁতি