ETV Bharat / state

এখন এম্বুলেঞ্চৰ বাবে হাহাকাৰ জিনজিয়াবাসীৰ

author img

By

Published : May 26, 2021, 9:32 PM IST

বিশ্বনাথ বিহালীৰ জিনজিয়াত জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে জ্বলাকলা খাইছে ৰাইজে ৷ দুমাহ ধৰি বিকল ১০৮ এম্বুলেঞ্চ সেৱা ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

এখন এম্বুলেন্সৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে জিনজিয়াবাসীয়ে

বিশ্বনাথ, 26মে’: ৰাজ্যৰ সৰ্বত্ৰে এতিয়া অতিমাৰী ক’ৰণাৰ সন্ত্ৰাস । তেনে সময়তে বগাহাতীত পৰিণত হৈছে বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ জৰুৰীকালীন এম্বুলেঞ্চ সেৱা । বিশ্বনাথ স্বাস্থ্য খণ্ডৰ অন্তৰ্গত জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিনৰ পৰা জ্বলাকলা খাই আহিছে বৃহত্তৰ জিনজিয়াবাসীয়ে ৷

উল্লেখযোগ্য যে, বিগত ডেৰ দুই মাহ ধৰি ১০৮ এম্বুলেঞ্চ খন বিকল হৈ পৰি আছে চিকিৎসালয় খনত । পিছে খবৰ নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ । ইপিনে জিনজিয়া নতুন স্বাস্থ্য কেন্দ্ৰৰ পৰা বাৰে বাৰে আবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ তৎপৰতা গ্ৰহণ নকৰিলে বিশ্বনাথৰ স্বাস্থ্য বিভাগে ।

মনকৰিবলগীয়া যে, এতিয়া কেন্দ্ৰটোত ১০৮ এম্বুলেঞ্চৰ বিপৰীতে ব্যক্তিগত বাহনেৰে চলিছে ক’ভিডৰ সেৱা । সম্প্ৰতি সমগ্ৰ ঘটনাটোৰ সৰ্ন্দভত জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে ৷ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ নৱ নিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক দাবী জনাইছে ৷

লগতে পঢ়কঃ 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.