ETV Bharat / state

Poor quality fertilizer: বিশ্বনাথত নিম্নমানৰ সাৰ বিক্ৰীৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 2:17 PM IST

বিশ্বনাথত নিম্নমানৰ সাৰ বিক্ৰী কৰি কৃষকৰ মূৰত মাধমাৰ মৰাৰ চক্ৰান্ত অসাধু সাৰ ব্যৱসায়ীৰ । খেতিৰ বাবে অনুপযোগী সাৰ বিক্ৰী কৰাৰ অভিযোগ কৃষকৰ । অভিযোগ লাভ কৰাৰ পিছতেই সাৰ বিক্ৰীত নিষেধাজ্ঞা কৃষি বিষয়াৰ । ইতিমধ্যে সাৰৰ নমুনা সংগ্ৰহ কৰিছে কৃষি বিভাগে ।

Allegations of poor quality fertilizer sales in Biswanath
বিশ্বনাথত নিম্নমানৰ সাৰ বিক্ৰীৰ অভিযোগ

বিশ্বনাথ,৩০ ছেপ্টেম্বৰ: বিশ্বনাথ চাৰিআলিৰ কৃষক কল্যাণ ছীড নামৰ সাৰৰ ব্যৱসায় প্ৰতিষ্ঠানে অতি নিম্নমানৰ কিষাণ ব্ৰেণ্ডৰ বায়' ডি অ পি আৰু বায়' এম অ 'পি নামৰ দুবিধ সাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় কৃষকসকলে ৷ অভিযোগ অনুসৰি কম মূল্যৰ এই সাৰ দুবিধে যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে সাৰ দুবিধে মাটিৰ উৰ্বৰতা বিনষ্ট কৰে । ইয়াৰ উপৰিও খেতিৰ শস্য উৎপাদন যথেষ্ট হ্ৰাস কৰে ।

যাৰ বাবে ৰাজ্যৰ কৃষি বিভাগে এই সাৰ বিক্ৰী কৰাৰ অনুমোদন দিয়া নাই বুলিও জিলা কৃষি বিভাগে জানিবলৈ দিছে । কিন্তু বিশ্বনাথৰ কৃষি কল্যাণ ছীড নামৰ সাৰৰ প্ৰতিষ্ঠানখনে কৃষি বিভাগৰ অজ্ঞাতে প্ৰায় ৩৫ মেট্ৰিক টন এই সাৰ নিজ গুদামত মজুত ৰাখি বিক্ৰী কৰাৰ তথ্য লাভ কৰাৰ পিছতে জিলা কৃষি বিভাগে উক্ত সাৰসমূহ বিক্ৰী বন্ধ কৰি দিয়াৰ লগতে নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

আনহাতে, এই অভিযোগসমূহ নস্যাৎ কৰি কৃষি কল্যাণ ছীডচৰ স্বত্বাধিকাৰী অংকুৰ সাহাই উক্ত সাৰ দুবিধ সম্পূৰ্ণ অৰ্গেনিক হোৱাৰ লগতে কৃষিৰ বাবে আৰু অধিক উপযোগী বুলি জানিব দিছে । ইতিমধ্যে উক্ত সাৰ কোম্পানীয়ে কৃষি বিভাগক ৰাজ্যত এই সাৰ বিক্ৰী কৰিবলৈ আবেদন জনাইছে বুলিও জানিবলৈ দিয়ে । লগতে তেওঁ গুদামত মজুত থকা সাৰসমূহ কোম্পানীক ওভতাই দিব বুলিও জানিব দিয়ে স্বত্বাধিকাৰীগৰাকীয়ে ।

বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ পিছতহে জানিব পৰা যাব যে উক্ত সাৰ সঁচাকৈ কৃষকসকলৰ বাবে উপযোগী নে অপকাৰী । ইফালে ৰাজ্যত বিক্ৰীৰ অনুমোদন নথকা স্বত্বেও বিক্ৰীৰ বাবে গুডামত মজুত কৰা সাৰ বিক্ৰেতাগৰাকীৰ বিৰুদ্ধে কৃষি বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Cyber crime: চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত সাত যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.