ETV Bharat / state

বিশ্বনাথৰ এটা তেল ডিপুত গ্ৰাহকক ভেজাল তেল যোগান ধৰাৰ অভিযোগ - বিশ্বনাথৰ এইচ পি ভাৰত পেট্ৰ'লিয়ামত ডিপোত ভেজাল তেল

অত্যাৱশ্যকীয়া সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেল জাতীয় ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰাৰ সময়তে বিশ্বনাথৰ মাজমজিয়াস্থিত এটা তেল ডিপোৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ ডিপোটোৱে গ্ৰাহকক ভেজাল তেল যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

allegation-of-supplying-adulterated-oil-to-customers-in-an-oil-depot-in-biswanath
বিশ্বনাথৰ এটা তেল ডিপুত গ্ৰাহকক ভেজাল তেল যোগান ধৰাৰ অভিযোগ
author img

By

Published : Aug 7, 2021, 8:33 PM IST

বিশ্বনাথ, 7 জুলাই : বিশ্বনাথৰ মাজমজিয়াস্থিত এইচ পি ভাৰত পেট্ৰ'লিয়াম (HP Bharat Petroleum) তেল ডিপুত ভেজাল তেলৰ ব্যৱসায় কৰাৰ গুৰুতৰ অভিযোগ এজন ভুক্তভোগীৰ ৷ অভিযোগ অনুসৰি, বিহালীৰ জিনজীয়া পশু চিকিৎসক তথা বিশ্বনাথ চাৰিআলি নিবাসী নিলোৎপল ভাগৱতীয়ে নিজৰ স্কৰপিঅ' বাহনখনতHP ডিপুটোত তেল ভৰোৱাৰ পিছতেই ইঞ্জিন বন্ধ হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

পেট্ৰ’ল পাম্পটোত তেল ভেজাল কৰাৰ বাবেই গাড়ীখন বিকল হৈ পৰিল বুলি অভিযোগ কৰিছে গৰাকী নিলোৎপল ভাগৱতীয়ে ৷ ব্যক্তি গৰাকীয়ে জনোৱা অনুসৰি, বিগত ডেৰ মাহ পূৰ্বে ক্ৰয় কৰা বাহনখনৰ ইঞ্জিন বিকল হোৱাততেঁও মহিন্দ্ৰাৰ কোম্পানীৰ ডিলাৰৰ সৈতে যোগাযোগ কৰিছিল ৷ তাৰ প্ৰত্যুত্তৰত ডিলাৰে তেঁওৰ বাহন খনত ভৰোৱা ইন্ধনত পানী জাতীয় দ্ৰব্য মিহলি হোৱাৰ বাবেই এইধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি জনায় ৷

বিশ্বনাথৰ এটা তেল ডিপুত গ্ৰাহকক ভেজাল তেল যোগান ধৰাৰ অভিযোগ

লগতে তেঁওক বাহন খন ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে ৷ অৱশেষত মহিন্দ্ৰা কোম্পানীৰ কাৰিকৰী বিভাগৰ লোক আহি গাড়ীখন চমজি লৈ তেজপুৰস্থিত ডিলাৰলৈ নি পৰীক্ষা-নিৰীক্ষা চলোৱাত ওলাই পৰিল আচল ৰহস্য ৷

পৰীক্ষাত ধৰা পৰা মতে, ডিজেল ফিল্টাৰ আৰু টেংকিত পানী আৰু অন্যান্য দ্ৰব্য জমা হৈ পৰাৰ বাবেই বাহনখনৰ ইঞ্জিন বিকল হৈছিল ৷ পেট্ৰ’ল পাম্পত তেল ভেজাল কৰাৰ বাবেই গাড়ীখন বিকল হৈ পৰিল বুলি গৰাকী নিলোৎপল ভাগৱতীয়ে অভিযোগ কৰিছে ৷ ইতিমধ্য সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসক গৰাকীয়ে বিশ্বনাথৰ উপায়ুক্তক লিখিতভাৱে অভিযোগ দাখিল কৰিছে লগতে ডিজেল ক্ৰয় কৰা বিল সমূহ গাঠি দিছে ৷

ইফালে বিশ্বনাথ চাৰিআলিৰ মঘাই ওজা বাকৰিৰ সমীপৰ ASTC কেম্পাছত কিছু দিন পূৰ্বে নিৰ্মাণ কৰা এই ডিপুটোৰ বিৰুদ্ধে প্ৰায়েই অভিযোগ উঠি আহিছে যদিও প্ৰশাসনে কোনো গুৰুত্ব নিদিয়া অভিযোগ উঠিছে ৷ বাতৰি প্ৰেৰণ কৰা মূহুৰ্ততলৈকে তেল ডিপু কৰ্তৃপক্ষৰ তৰফৰ কোনো মতামত প্ৰকাশ কৰা নাই ৷

ইয়াৰ উপৰিও বিশ্বনাথ চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত (ASTC) থকা হিন্দুস্তান পেট্ৰ'লিয়ামৰ ডিপুত তেল ভৰাই কেইবাখনো বাহনৰ ইঞ্জিন নষ্ট হোৱা অভিযোগ উঠিছে ৷

লগতে পঢ়কঃ খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.