বিশ্বনাথ, 4 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে বিশ্বনাথ জিলাতো কৰ'ণা মহামাৰীয়ে এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷
বুধবাৰে বিশ্বনাথ জিলাত নতুনকৈ 29 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত 29 গৰাকী লোকৰ ভিতৰত 12 গৰাকী লোক আৰক্ষী বিভাগৰ বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ উপ-আৰক্ষী অধীক্ষক মোজাফাৰ হুছেইন, বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ আৰক্ষী বিষয়া সুভম দাসকে আদি কৰি 10 গৰাকী আৰক্ষীৰ জোৱান ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷
উল্লেখ্য যে, বৰ্তমানলৈ জিলাখনত 78 গৰাকী আৰক্ষী জোৱান ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ অধিকাংশ আৰক্ষী লোকৰ চিকিৎসা বৰ্তমানেও চলি থকা বুলি জানিব পৰা গৈছে ৷ আনহাতে, 4 আগষ্টত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 48161 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 34427 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্য়া 13622 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 115 গৰাকী ৷
লগতে পঢ়ক : নলবাৰীত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী