ETV Bharat / state

Daflagarh Rape Case: ডফলাগড় চাহ বাগিছাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ আত্মসমৰ্পন

author img

By

Published : Jul 27, 2022, 10:27 PM IST

ডফলাগড় চাহ বাগিছাৰ অসহায় যুৱতীক ধৰ্ষণ কৰি পলাতক অৱস্থাত থকা ফেক্টৰী সহায়ক বিশ্বজিৎ মহানন্দই অৱশেষত আত্মসমৰ্পন কৰিলে আৰক্ষীৰ ওচৰত (Dafalagarh tea garden rape case) ৷ আত্মসমৰ্পনৰ পাছতে কাৰাগাৰলৈ নিক্ষেপ কৰা হয় ধৰ্ষণকাৰী বিশ্বজিৎ মহানন্দক ৷

Daflagarh Rape Case
ডফলাগড় চাহ বাগিছাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ আত্মসমৰ্পন

বিহালী, 27 জুলাই : অৱশেষত ঘাহিগাঁও আৰক্ষী চকীত (Ghahigaon out post) আত্মসমৰ্পণ কৰিলে ডফলাগড় চাহ বাগিছাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্ত বিশ্বজিৎ মহানন্দই (Accused of Daflagarh rape case)। ঘাহিগাঁও আৰক্ষী চকীৰ আন্তৰ্গত ডফলাগড় চাহ বাগিছাত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ড । দুই সন্তানৰ পিতৃ বিশ্বজিৎ মহানন্দই ধৰ্ষণ কৰি আঠ মাহৰ অন্তঃসত্বা কৰিছিল এগৰাকী যুৱতী শ্ৰমিকক । পৰৱৰ্তী সময়ত চিকিৎসাৰ বাবে যুৱতীগৰাকীক ২২ জুলাইৰ নিশা চিকিৎসালয়লৈ নি থকা অৱস্থাত বাটতেই প্ৰসৱ কৰিছিল এটি কন্যা সন্তানৰ । তাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত বিশ্বজিৎ মহানন্দ ।

ডফলাগড় চাহ বাগিছাৰ ফেক্টৰী সহায়ক বিশ্বজিৎ মহানন্দই প্ৰেমৰ চালনাৰে অন্তঃসত্বা কৰিছিল ২৩ বছৰীয়া যুৱতীগৰাকীক । কামৰ দোহাই দি যুৱতীগৰাকীক দৈনিক মাতি নি কৰিছিল ধৰ্ষণ । ফলত অভিভাৱকহীনা যুৱতীগৰাকী আঠ মাহৰ অন্তঃসত্বা হোৱাৰ পাছত পেট বিষত থাকিব নোৱাৰি ৰাইজক অৱগত কৰিছিল আৰু ঘাহিগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ।

এই ক্ষেত্ৰত স্থানীয় ছাত্ৰ-সংগঠনসমূহে দুই সন্তানৰ পিতৃ বিশ্বজিৎ মহানন্দক কৰায়ত্ব কৰাৰ দাবী তুলিছিল যদিও অভিযুক্ত বিশ্বজিৎ মহানন্দ পলাতক অৱস্থাত আছিল ।

পিছে আৰক্ষীৰ বেহুফালি পলায়ন কৰিব নোৱাৰি অৱশেষত ঘাহিগাঁও আৰক্ষী চকীত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় বিশ্বজিৎ মহানন্দ । আজি ঘাহিগাঁও আৰক্ষীয়ে মহানন্দক গ্ৰেপ্তাৰ কৰি গোচৰ নং ১১২/2022ত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৭/৪৯৩/৩৭৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে (Rapist sent to jail at Ghahigaon) ।

লগতে পঢ়ক: Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.