ETV Bharat / state

বিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

বিশ্বনাথত মানৱৰ অতপালিৰ বাবে প্ৰাণ হেৰুৱালে এটি পাঁচমহীয়া হাতী পোৱালীয়ে ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈছিল পোৱালীটো ৷ পোৱালীটোক চাবলৈ হেতা-ওপৰা লগোৱা ৰাইজৰ বাবে দীৰ্ঘসময় ধৰি খাদ্য গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল হাতী পোৱালীটো ৷ ফলত হাতীটোৱে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে ৷

author img

By

Published : Aug 21, 2020, 5:40 PM IST

A five month old elephant lost its life in Bishwanath assam etv bharat news
পোৱালী হাতীৰ মৃত্যু

বিশ্বনাথ,২১ আগষ্ট: বিশ্বনাথত হাতী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতি ৷ জিলাখনৰ মোনাবাৰী চাহ বাগিচাত মৃত্য়ু ঘটিছে এটা বনৰীয়া পোৱালী হাতীৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাকে বিগত কেইবাদিনো ধৰি চাহ বাগিচাখনৰ ভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰি আছিল ৷ কিন্তু জাকটোৰ লগতে পোৱালীটো প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোৰ চৌদিশে ভিৰ হৈছিল জন সাধাৰণৰ ৷ ফলত হাতীৰ জাকটো আতংকিত হৈ পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিশে উভতি গৈছিল যদিও জাকটোৰ পৰা বিচ্ছিন্ন হৈছিল এটি পাঁচমহীয়া পোৱালী হাতী ৷ হাতীটো আঘাতপ্ৰাপ্ত অৱস্থাত ৰৈ গৈছিল বাগিচাখনত ৷

পাঁচমহীয়া পোৱালী হাতীৰ মৃত্যু

ইয়াৰ পিছতে শুকুৰবাৰে বন বিভাগে পোৱালীটো উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰে ৷ চিকিৎসা প্ৰদানৰ কিছুসময় পিছতে দুৰ্ভাগ্য়জনকভাৱে মৃত্যুক আঁকোৱালি লয় হাতী পোৱালীটোৱে ৷ হাতীটোৰ মৃত্যুৰ পিছত বন বিভাগে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি গাত খান্দি পুতি থয় ৷ মূলতঃ জীৱশ্ৰেষ্ঠ মানৱৰ অতপালিৰ বাবে দুৰ্ভগীয়া হাতী পোৱালীটোৱে মৃত্যুক সাৱটি লয় ৷

লগতে চাওকঃ সামাজিক মাধ্যমত আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.