বিশ্বনাথ, ১৬ মাৰ্চ: বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী বিন্দু হৈ পৰিছে ৷ ইয়াৰে এগৰাকী হ'ল বিশ্বনাথ ঘাটৰ গড়ভিতৰ গাৱঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন । বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত (45 years old HSLC candidate)।
বুলবুলি খাতুনৰ জেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হ’ব ক'লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষাণ্মাষিকৰ পৰীক্ষাত । তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থীগৰাকী ।
উল্লেখ্য যে, বিশ্বনাথ জিলাত মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০,৮২৩ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ইয়াৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে । শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এইগৰাকী মহিলাই । পৰীক্ষাৰ্থীগৰাকী অংগনবাড়ী কৰ্মী ।
লগতে পঢ়ক: বিষয় শিক্ষক অবিহনেই চলিছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান