ETV Bharat / state

আছুৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাসৰ সিদ্ধান্তত জাঙুৰ খাই উঠিল বৰপেটা আছু

author img

By

Published : Mar 1, 2021, 3:08 PM IST

বৰপেটাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাসৰ প্ৰতিমূৰ্তি দাহ । এসময়ত জাতি, মাটি, ভেটিৰ কথা কৈ অসমবাসীৰ হৈ গণতান্ত্ৰিক অন্দোলন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাস গেৰুৱা বসন পিন্ধিবলৈ সাজু ।

প্ৰদীপ দাসৰ প্ৰতিমূৰ্ত্তি দাহ
প্ৰদীপ দাসৰ প্ৰতিমূৰ্ত্তি দাহ

বৰপেটা, ১ মাৰ্চ: এসময়ত জাতি, মাটি, ভেটিৰ কথা কৈ অসমবাসীৰ হৈ গণতান্ত্ৰিক অন্দোলন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাস গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে । প্ৰদীপ দাসৰ এই সিদ্ধান্তত জাঙুৰ খাই উঠিছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা । স্বাভাৱিকতে প্ৰদীপৰ এই সিদ্ধান্তত ক্ষোভিত হৈ পৰিছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা ।

বৰপেটাত প্ৰদীপ দাসৰ প্ৰতিমূৰ্ত্তি দাহ

প্ৰদীপৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে সোমবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদীপ দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । অসম সংকটত থকাৰ সময়ত জাতিদ্ৰোহী 'কা' আইন বলৱৎ কৰাৰ সময়ত বিজেপি দলত যোগদান কৰাৰ অভিযোগ তুলি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আছু নেতা প্ৰদীপ দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ প্ৰতিবাদী ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰদীপ দাস মুৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ বৰপেটা মন্দিয়া পথত প্ৰাক্তন আছু নেতাগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.