ETV Bharat / state

প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং - Who is assam's chief minister

যিজনে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে তেওঁ নিমাত হৈ বহি থকাৰ বিপৰীতে আন এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীৰ ভূমিকাক সমালোচনা কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷

who-is-assams-chief-minister-jitendra-singh
প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং
author img

By

Published : Jan 11, 2021, 6:23 PM IST

Updated : Jan 11, 2021, 6:47 PM IST

বৰপেটা,11 জানুৱাৰী: 2021ৰ বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৷ সোমবাৰে বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত হয় সৰুক্ষেত্ৰী সমষ্টি কংগ্ৰেছৰ বিশাল বুথ সন্মিলন ৷ বুথ সন্মিলনত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷ বিশেষকৈ বিজেপি চৰকাৰৰ দিনত নিবনুৱাই সংস্থাপন নোপোৱা,চাহ শ্ৰমিকসকল ভোকত থকা বুলি আৰু আকাশলংঘী মূল্যবৃদ্ধি হোৱা বুলি সমালোচনা কৰে নেতা গৰাকীয়ে ৷

প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং

আনহাতে বিজেপি চৰকাৰৰ শাসনকালত বিশ্বৰ ভিতৰত ভাৰততে পেট্ৰ'ল ডিজেলৰ সৰ্বাধিক মূল্য হোৱা বুলি সমালোচনা কৰে জিতেন্দ্ৰ সিঙে ৷ লগতে বিজেপি চৰকাৰক ঝুমলাবাজী আৰু মাফিয়াৰ চৰকাৰ বুলি আখ্যা দি মাফিয়াৰ কায়দাৰে বৃহৎ বৃহৎ কেলেংকাৰী সংঘটিত কৰা বুলিও চৰকাৰক সমালোচনা কৰে নেতা গৰাকীয়ে ৷ আনহাতে প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰে জিতেন্দ্ৰ সিঙে ৷ যিজনে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে তেওঁ নিমাত হৈ বহি থকাৰ বিপৰীতে আন এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ থকা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে নেতা গৰাকীয়ে ৷ আনকি মুখ্যমন্ত্ৰী স্তৰৰ সকলো কথা বাৰ্তা উক্ত মন্ত্ৰীজনেই সদৰি কৰি অহা বুলি মন্তব্য কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছকে শাসনভাৰ প্ৰদান কৰিব বুলি মন্তব্য কৰে নেতা গৰাকীৰে ৷

লগতে পঢ়কঃ খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী

Last Updated : Jan 11, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.