ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত কৃষি বিপ্লৱৰ সূচনা প্ৰাক্তন জোৱানৰ

বান-গৰাখহনীয়াত বিধ্বস্ত ৰাজ্যখনলৈ আশাৰ বতৰা ৷ বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আৰম্ভ হৈছে কৃষি বিপ্লৱ ৷ ৬০০ বিঘা মাটিত তৰমুজৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা এজন প্ৰাক্তন চি আৰ পি এফ জোৱানৰ ৷

author img

By

Published : Apr 29, 2020, 11:26 AM IST

watermelon cultivation at brahmaputra sand bank barpeta
বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আৰম্ভ হৈছে কৃষি বিপ্লৱ

বৰপেটা, ২৯ এপ্ৰিলঃ বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত আৰম্ভ হৈছে অৰ্থনৈতিক বিপ্লৱ ৷ ব্ৰহ্মপুত্ৰ নৈৰ শুকান বালিচৰত ফুলিছে আশাৰ সপোন ৷ নৈৰ বালিচৰত আৰম্ভ হোৱা অভিনৱ কৃষি বিপ্লৱে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে সুদিনৰ সম্ভাৱনা ৷ বৰপেটা জিলাৰ বহৰিৰ সমীপৰ গোমা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত সূচনা হৈছে এই কৃষি বিপ্লৱৰ ৷

২০০৮ চনত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত সম্পূৰ্ণৰূপে জাহ গৈছিল বহৰিৰ সমীপৰ গোমা নামৰ গাঁওখন ৷ নৈৰ খহনীয়াত ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত পৰিয়ালসমূহে আশ্ৰয় লৈছিল আন ঠাইত ৷ এসময়ৰ শস্য শ্যামলা গোমা গাঁও ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰিণত হোৱাৰ পিচত এনেই পৰি ৰৈছিল মাটিবোৰ ৷ বৰ্তমান এই বালিচাপৰিতে এইবাৰ তৰমুজৰ খেতি আৰম্ভ কৰিছে ইব্ৰাহিম আলী নামৰ এজন ব্যক্তিয়ে ৷ গোমা গাঁৱৰ প্ৰায় ৬০০ বিঘা বালি চাপৰিৰ মাটিত ইব্ৰাহিম আলীয়ে কৰিছে তৰমুজৰ খেতি ৷ বালিচৰত এতিয়া যেনিয়েই চোৱা যায় তেনিয়েই দেখা যায় মাথো তৰমুজৰ শুকান গছ আৰু গছত লাগি থকা তৰমুজ ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দিল্লী, উত্তৰ প্ৰদেশ আদিলৈকো সৰবৰাহ হৈ আছে তৰমুজ ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়াত বালিচাপৰিত পৰিণত হোৱা মাটিবোৰ শস্য সম্ভৱা কৰি তোলাৰ ক্ষেত্ৰত ইব্ৰাহিম আলী নামৰ চি আৰ পি এফৰ প্ৰাক্তন জোৱানজনক সহায়ৰ হাত আগবঢ়াইছে উত্তৰ প্ৰদেশৰ ৰছিদ নামৰ এজন খেতিয়কে ৷ উত্তৰ প্ৰদেশৰ পৰা অহা কেইবাজনো কৃষকৰ লগতে ৰচিদৰ পৰামৰ্শতে এতিয়া বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আৰম্ভ কৰা তৰমুজ খেতিয়ে ৰাজ্যখনত সূচনা কৰিছে এক কৃষি বিপ্লৱৰ ৷ কিয়নো ৰাজ্যৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি খহনীয়াৰ ফলত বালিচাপৰিত পৰিণত হৈ এনেই পৰি আছে ৷ এই বালিচাপৰি সমূহত এনেদৰে তৰমুজৰ খেতি কৰি দেশ বিদেশলৈ তৰমুজ ৰপ্তানি কৰি অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ থল আছে ৰাজ্যৰ নিবনুৱা যুৱক সকলৰ ৷

উল্লেখ্য যে, ৯০ লাখ টকা ব্যয়েৰে ৬০০ বিঘা মাটিত তৰমুজৰ খেতি কৰা ইব্ৰাহিম আলীয়ে প্ৰায় ৫ কোটি টকা উপাৰ্জনৰ আশা কৰিছে ৷ অৱশ্যে লক্​ ডাউনৰ বাবে কিছু পৰিমানে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে খেতিয়কগৰাকী ৷ লক্ষনীয়ভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই অনা খেতিয়কগৰাকীয়ে বৰ্তমানলৈকে কৃষি বিভাগৰ পৰা লাভ কৰা নাই কোনোধৰণৰ সুযোগ সুবিধা ৷ বৰপেটাৰ বহৰিৰ গোমা গাঁৱত আৰম্ভ হোৱা তৰমুজৰ খেতিয়ে নিশ্চিতভাৱে ৰাজ্যখনলৈ কঢ়িয়াই আনিব পাৰে সুদিনৰ সম্ভাৱনা ৷ এইক্ষেত্ৰত আগন্তুক দিনত ৰাজ্যৰ কৃষি বিভাগ তৎপৰ হোৱাৰ লগতে ল'ব লাগিব বিশেষ ভূমিকা ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ অনুৰোধ লৈ প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.