বৰপেটা, ১২ জুলাইঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পশ্চিম বেতবাৰী গাঁৱৰ পৰা বৰবালা-কদমগুৰীহৈ হাউলী চহৰলৈ যোৱা গুৰুত্বপূৰ্ণ পথটো বিগত প্ৰায় 70 বছৰে শোচনীয় অৱস্থাত আছে ৷ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথটো প্ৰতিটো বাৰিষাত পানীত ডুব গৈ থাকে ৷ বাৰম্বাৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক অনুৰোধ কৰাৰ পাচতো কোনো গুৰুত্ব নাপালে স্থানীয় ৰাইজে ৷ সেয়ে দেওবাৰে গাঁওবাসীয়ে নিজা প্ৰচেষ্টাত পথটোৰ ওপৰত এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰে ৷
ঘৰে ঘৰে গৈ বাঁহ আৰু ধন সংগ্ৰহ কৰি নিৰ্মাণ কৰিছে বাঁহৰ সাঁকোখন । অঞ্চলটোৰ স্থানীয় যুৱকসকল হাতে-কামে জড়িত হৈ পৰিছে বাঁহৰ সাঁকো নিৰ্মাণত ৷
গাঁওবাসীয়ে অভিযোগ কৰামতে, পথতো নিৰ্মাণৰ নামত পঞ্চায়তৰ জৰিয়তে বাৰে বাৰে কেইবালাখ টকাৰ আঁচনি গ্ৰহন কৰা হৈছিল যদিও পথ নিৰ্মাণৰ সমূদায় টকা আত্মসাৎ কৰিছে পঞ্চায়ত প্ৰতিনিধি তথা ঠিকাদাৰসকলে ৷ অভিযোগ অনুসৰি, প্ৰথমে 85 লাখ টকা পথটোৰ নামত আৱণ্টিত হৈছিল যদিও কোনো কামেই নকৰিলে পথটোৰ উন্নয়নৰ বাবে ৷ তাৰ পাচত পুনৰ 5 লাখ টকা আহিছিল যদিও পথটোত অলপ মাটি পেলায়ে কাম সামৰিলে ঠিকাদাৰে ৷ তাৰ বাবে স্থানীয় ৰাইজে গোচৰ তৰিলে যদিও কোনো বিচাৰ লাভ নকৰিলে ৷ এইবাৰ পুনৰ 8 লাখৰো অধিক টকা আহিছে যদিও এতিয়ালৈ কাম হোৱা নাই ৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰৰ ভয়ত এই দূৰ্নীতিৰ বিৰুদ্ধে তদন্ত নকৰে বিভাগীয় কৰ্তৃপক্ষই ৷
স্বাধীনতাৰ বহু বছৰ পিচতো যাতায়াতৰ ক্ষেত্ৰত দূৰ্ভোগ ভূগি অহা সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক সমষ্টিটোৰ বাট পথ উন্নয়নত গুৰুত্ব দিবলৈ দাবী জনাইছে ৷
লগতে পঢ়কঃ চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ