ETV Bharat / state

বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত আজৱ কাণ্ডঃ বগা কাগজত ৰেলৰ ৰিজাৰ্ভেচন টিকট!!!

বাহিৰে ৰঙচঙীয়া ভিতৰে কোৱাভাতুৰি ৷ বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ বাহিৰখন ৰঙচঙীয়া ঠিকেই কিন্তু ভিতৰ ভাগ কোৱাভাতুৰিৰ দৰে ৷

author img

By

Published : Apr 9, 2019, 6:16 PM IST

বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত আজব কাণ্ড

বৰপেটাৰোড, 9 এপ্ৰিলঃ ৰেল বিভাগৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিভাগৰ চকু কপালত উঠা কাণ্ড ৷ বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত তেনে এক আজব কাণ্ড সংঘটিত হৈছে ৷ টিকট বনাবলৈ বৰপেটাৰোড ৰেলৱে ষ্টেচনত নাই ৰিজাৰ্ভেচন ফৰ্ম যাৰ ফলত টিকট বনাবলৈ যোৱা লোকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷

বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত আজব কাণ্ড

বৰপেটাৰোড ৰেলৱে ষ্টেচনত ৰিজাৰ্ভেচন ফৰ্ম নথকাৰ বাবে বৰপেটাৰোড ৰেলৱে ষ্টেচন কৰ্তৃপক্ষৰ পৰা ৰিজাৰ্ভেচন ফৰ্মৰ ডেমো এখনত জাননী আৰি থৈয়েই দায়িত্ব সামৰিছে ৰেল বিভাগে ৷ বৰপেটাৰোডৰ ৰেল বিভাগৰ কৰ্তৃপক্ষই টিকট বনাবলৈ অহা লোকক বাহিৰৰ পৰা বগা কাগজ কিনি আনি আৰি থৈ দিয়া ডেমো মতে ফিলাপ কৰি ষ্টেচনত জমা দি টিকট বনাবলৈ পৰামৰ্শ দিছে ৷ ফলত উপায় নাপাই টিকট বনাবলৈ অহা যাত্ৰী সকলেও বাহিৰৰ দোকানৰ পৰা বগা কাগজ ক্ৰয় কৰি টিকট বনাইছে ৷ এই সম্পৰ্কত ৰেল ষ্টেচনত সাংবাদিক উপস্থিত হোৱাত বৰপেটাৰোডৰ ৰেল ষ্টেচনত ৰিজাৰ্ভেচন ফৰ্মৰ নাটনি ঘটাৰ কথা স্বীকাৰ কৰে আৰু গুৱাহাটীৰ পৰা ৰিজাৰ্ভেচন ফৰ্ম আনিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷
উল্লেখ্য যে ৰেল বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাত যাত্ৰীৰ টিকট বনাবলৈ ৰিজাৰ্ভেচন ফৰ্ম নথকাটো বিভাগটোৰ বাবেই এক চৰম গাফিলতি বুলি মন্তব্য কৰিছে ৰাইজে ৷

Intro:ৰেল বিভাগৰ দৰে এটি অতি গুৰুত্বপূৰ্ণ বিভাগ এটিৰ আজব কাণ্ড চাই আপোনাৰো চকু কপালত উঠিব ৷ বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত তেনে এক আজৱ ঘটনা সংঘটিত হৈছে ৷ টিকট বনাবলৈ বৰপেটাৰোড ৰেলৱে ষ্টেচনত নাই ৰিজাৰ্ভেচন ফৰ্ম ৷ ফলত টিকট বনাবলৈ যোৱা লোক সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ Body:বৰপেটাৰোড ৰেলৱে ষ্টেচনত ৰিজাৰ্ভেচন ফৰ্ম নথকাৰ বাবে বৰপেটাৰোড ৰেলৱে ষ্টেচন কৰ্তৃপক্ষৰ পৰা ৰিজাৰ্ভেচন ফৰ্মৰ ডেমো এখনৰ জাননী আৰি থৈ দায়িত্ব সামৰিছে ৷বৰপেটাৰোডৰ ৰেল বিভাগৰ কৰ্তৃপক্ষই টিকট বনাবলৈ অহা লোকক বাহিৰৰ পৰা বগা কাগজ কিনি আনি আৰি থৈ দিয়া ডেমো মতে ফিলাপ কৰি ষ্টেচনত জমা দি টিকট বনাবলৈ পৰামৰ্শ দিছে ৷ ফলত উপায় নাপাই টিকট বনাবলৈ অহা যাত্ৰী সকলেও বাহিৰৰ দোকানৰ পৰা বগা কাগজ ক্ৰয় কৰি টিকট বনাই আছে ৷ এই সম্পৰ্কত ৰেলৱে ষ্টেচনত সাংবাদিক উপস্থিত হোৱাত বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত ৰিজাৰ্ভেচন ফৰ্মৰ নাটনি ঘটাৰ কথা স্বীকাৰ কৰে আৰু গুৱাহাটীৰ পৰা ৰিজাৰ্ভেচন ফৰ্ম আনিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷Conclusion:Conclusion উল্লেখ্য যে ৰেল বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটিত যাত্ৰীৰ টিকট বনাবলৈ ৰিজাৰ্ভেচন ফৰ্ম নথকাটো বিভাগটোৰ এয়া এক চৰম গাফিলতি ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.