ETV Bharat / state

ভূটানত নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্প অভিশাপ হ'ব পাৰে নামনি অসমলৈ

author img

By

Published : Jul 16, 2020, 1:22 PM IST

অসমৰ ৰাইজৰ বাবে অধিক ভয়াৱহ হৈ পৰিব ভূটানত নিৰ্মাণ হৈ থকা ৩২০০০ মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পবোৰ ৷ বাৰিষাৰ সময়ত এই প্ৰকল্পবোৰৰ পানী এৰি দিলে নামনি অসমত কেনে জলপ্ৰলয়ৰ সৃষ্টি হ'ব সেই কথা অনুধাৱন কৰিবলৈ অসমৰ ৰাইজ আৰু ৰাজ্যৰ চৰকাৰক আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷

river dam
river dam

বৰপেটা, ১৬ জুলাই : বৰপেটা, বজালী, বাক্সা, চিৰাং আদিকে ধৰি নামনি অসমত বানে মহাপ্ৰলয়ৰ ৰূপ লৈছে ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে সৃষ্টি কৰা মহাপ্ৰলয়ে পাঠশালা চহৰকে ধৰি বজালী মহকুমাত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ মাথোঁ ৬০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা তুলনামূলকভাৱে ক্ষুদ্ৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে নাকনি কাকনি দেখুওৱা নামনি অসমৰ ৰাইজৰ বাবে অধিক ভয়াৱহ হৈ পৰিব ভূটানত নিৰ্মাণ হৈ থকা ৩২০০০ মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পবোৰ ৷

ভূটানত নিৰ্মাণৰত নদীবান্ধে বিপদ কঢ়িওৱাৰ সম্ভাৱনা নামনি অসমলৈ

বাৰিষাৰ সময়ত এই প্ৰকল্পবোৰৰ পানী এৰি দিলে নামনি অসমত কেনে জলপ্ৰলয়ৰ সৃষ্টি হ'ব সেই কথা অনুধাৱন কৰিবলৈ অসমৰ ৰাইজ আৰু ৰাজ্যৰ চৰকাৰক আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷ এটা ভিডিঅ'যোগে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস চলোৱা কমল কুমাৰ মেধিয়ে উল্লেখ কৰা মতে ভাৰতৰ অৰ্থ সাহায্যত ভূটান চৰকাৰে দেশখনৰ মাজেৰে বৈ অহা কেইবাখনো নদীত সৰ্বমুঠ ৩২০০০ মেগাৱাট বিজুলী উৎপাদনৰ উদ্দেশ্যে বহুকেইটা নদীবান্ধ প্ৰকল্প নিৰ্মাণ কৰি আছে ৷ ভূটানত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পবোৰ সম্পূৰ্ণ হৈ উঠিলে, বাৰিষা কালত সেইবোৰ প্ৰকল্পৰ পানী এৰি দিলে সমগ্ৰ নামনি অসম নিচিহ্ন হৈ যাব বুলিও আশংকা ব্যক্ত কৰে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক : ডাকঘৰৰ পৰাও হৰলুকী হৈছে গ্ৰাহকৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.