ETV Bharat / state

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই

বৰপেটাৰোডৰ হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন ৷ উদ্বোধন কৰে ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ৷

author img

By

Published : Nov 9, 2020, 9:42 AM IST

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই
হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই

বৰপেটাৰোড, 9 নৱেম্বৰ : বৰপেটাৰোডৰ ৰেল ষ্টেচনৰ সন্মুখত অৱস্থিত হনুমান মন্দিৰৰ নৱনিৰ্মিত তিনি মহলীয়া অতিথিশালাটো দেওবাৰে সন্ধিয়া উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰনজিৎ কুমাৰ দাস আৰু ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৷

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন
অতিথিশালা উদ্বোধন

উদ্বোধনী সভাত ভূৱনেশ্বৰ কলিতাই কয় নৱ নিৰ্মিত ভৱনটোৱে অতি কম খৰছতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলৰ অনুষ্ঠানসমূহ সুকলমে অনুষ্ঠিত কৰাত যথেষ্ট সকাহ দিব ৷ ভৱনটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে মন্দিৰ পৰিচালনা সমিতিক ধন্যবাদ জনায় ৷

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন
নিৰ্বাচনৰ আগমুহূৰ্তত হাতত গদা লৈ ৰণজিৎ দাস

সভাত বিধায়ক ৰনজিৎ দাসে কয় যে বৰপেটাৰোডৰ মৰা মানাহৰ ষঠ পূজা ঘাটৰ বাবে চৰকাৰৰ তৰফৰ পূৰ্বে 50 লাখ টকা দিয়া হৈছে ৷ অৱশিষ্ট কামৰ বাবে আৰু 15 লাখ টকা আৰু এটি সূৰ্য্য স্তম্ভ নিৰ্মাণৰ বাবে 8 লাখ টকা চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন
হনুমান মন্দিৰৰ অতিথিশালাৰ স্মাৰকখন

অতিথিশালা নিৰ্মাণ সমিতিৰ সভাপতি শিৱজী প্ৰসাদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু কৃষ্ণ প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : প্ৰেমিকে ভাইৰেল কৰিলে গোপন ফটো; আত্মহননৰ চেষ্টা প্ৰেমিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.