ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : May 25, 2022, 11:14 AM IST

11 বজাৰ শীৰ্ষ 10 বাতৰি

11 বজাৰ শীৰ্ষ 10 বাতৰি
11 বজাৰ শীৰ্ষ 10 বাতৰি

Texas school shooting : আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত ১৮ গৰাকী শিক্ষাৰ্থী

টেক্সাছৰ প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত (Gunman miscreants attack at Robb Elementary School)। নিহত ১৮ গৰাকী শিশু । ইতিমধ্যে বন্দুকধাৰী দুৰ্বৃত্তকো আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে ।]

Mob torches Batadrava police station case: বটদ্ৰৱা কাণ্ডৰে জড়িত আৰু দুই অভিযুক্ত আৰক্ষীৰ জালত

পুনৰ আৰক্ষীৰ জালত বটদ্ৰৱা কাণ্ডৰ দুই অভিযুক্ত(Two accused involved in Batadrava incident detained) ৷ বটদ্ৰৱা থানা জ্বলাই দিয়া(Mob torches Batadrava police station case) ৰ ঘটনাত জড়িত আছিল অভিযুক্ত দুজন ৷ এই ঘটনাত জড়িত 34 জন অপৰাধীক চিনাক্ত কৰিছে নগাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে লাভ কৰা ভিডিঅ’ ফুটেজৰ ভিত্তিতে অপৰাধীক চিনাক্ত কৰি আটক কৰা হৈছে

পাঠদানৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষকে

ডিমৌ শিক্ষাখণ্ডৰ অধীনৰ ৰজাবাৰীৰ সমীপৰ ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত অঘটন ৷ শ্ৰেণীকোঠাত পাঠদান কৰা অৱস্থাতে আকস্মিকভাৱে ঢলি পৰে এগৰাকী শিক্ষক ৷ কেৱল ঢলি পৰাই নহয়, ঠাইতে মৃত্যুক সাৱটিলে শিক্ষকগৰাকীয়ে(Teacher loses his life during gunotsav) ৷ শিক্ষকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিয়ে ৷

অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কামৰুজ

নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজ জামান সৰকাৰ নামৰ এজন যুৱকে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷ অনুজ্ঞাপত্ৰ অবিহনেই কামৰুজে নিজৰ সৈতে লৈ ফুৰিছিল এটা .23 পিষ্টল ৷ মঙলবাৰে এই পিষ্টলটো(Illegal weapons seized in Nagaon SP office) ৰ সৈতে কামৰুজে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলতে আৰক্ষীয়ে তেওঁক প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে (One person arrested with illegal weapons in Nagaon SP Office) ৷

বান বিধস্ত জোনাইৰ কবু চাপৰি: মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বান-খহনীয়া পৰিদৰ্শন

ৰাজ্যৰ বান পৰিস্থিতি কিছু অৱনমিত হৈছে (Flood in Assam 2022) ৷ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ৷ সোমবাৰে বানে ধোঁৱা জোনাইৰ নদীদ্বীপ স্বৰূপ কবু চাপৰি পৰিদৰ্শন কৰে জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰা আৰু বনাঞ্চলিক বিষয়া মুকুত ৰাভাৰ লগতে কেইবাগৰাকীও চৰকাৰী বিষয়াই ৷

Bhut jolokia cultivation : 18 লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ ভৱেন শালৈৰ, মুখ্যমন্ত্ৰী শুভেচ্ছা

বিদেশৰ বজাৰত সমাদৰ লাভ ভোট জলকীয়া(Good gains Bhut jolokia in foreign markets) ৰ ৷ ধেমাজিৰ ভৱেন শালৈ নামৰ কৃষকগৰাকীয়ে ভোট জলকীয়া খেতি(Bhut jolokia cultivation)ৰে সম্প্ৰতি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় 18 লক্ষাধিক টকা ৷ কৃষকগৰাকীৰ সফলতা(Success story of Bhaben Saloi from Dhemaji) ৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পোৱাত অভিনন্দন জনাইছে স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান

২১ জুনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান কর্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ'ব । যোগ দিৱসৰ মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে সেইদিনা যোগ প্ৰদৰ্শনৰ সমূহীয়া কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিব ৷

হায়দৰাবাদত ISB ৰ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে: মোদীক আদৰণি নজনোৱাৰ সিদ্ধান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব(Modi will attend ISB event in Hyderabad) ৷ ইফালে কাৰ্যসূচীত ভাগ লবলৈ অহা প্ৰধানমন্ত্ৰীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে আদৰণি নজনোৱাৰ লগতে সেই অনুষ্ঠানত ভাগ নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে (CM KCR will not receive the PM)৷

Tragic incident in Barpeta Road: পাপৰ ফেক্টৰীৰ মেচিনত সোমাই নিহত শ্ৰমিক

বাক্সাৰ জাখলিবিল পাথাৰৰ কৃষ্ণনগৰস্থিত "মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ" নামৰ পাপৰ বনোৱা এটা ফেক্টৰীত মঙলবাৰে এগৰাকী শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মেচিনৰ ভিতৰত সোমাই কৰুণ মৃত্যু হয়(Labour death in papad making industry) ৷ নিহত শ্ৰমিকজন বাক্সাৰ লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মণৰ পুত্ৰ মাণিক বৰ্মন বুলি জানিব পৰা গৈছে ৷ বিমল সাহা নামৰ ব্যৱসায়ীজনৰ পাপৰৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থকা সময়তে হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই অকাল মৃত্যুক আকোঁৱালি লয় মাণিক বৰ্মন নামৰ যুৱকজনে ৷

কামাখ্যাত যান-বাহন চলাচলৰ নতুন নিৰ্দেশনা

কামাখ্যা মন্দিৰলৈ যোৱা লঘূ যান-বাহনসমূহ কামাখ্যাৰ স্থায়ী পাৰ্কিঙলৈ যাব পাৰিব । আনহাতে দূৰণিবটীয়া বাছসমূহ কামাখ্যাৰ ASTC বাছ আস্থানত ৰখাব লাগিব । কালীপুৰত বাছসমূহ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । পথৰ দাঁতিত থকা নিৰ্ধাৰিত স্থানত এখন এখনকৈ ৰাখিব পাৰিব বাহন । কাইলৈৰ (বুধবাৰ)পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম (New traffic arrangement in Kamkhya temple) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.