জনীয়া, 4 জুন : কলগাছিয়াৰ খেল্লী গাঁৱত তিনিগৰাকী কিশোৰীক তিনি যুৱকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ একে গাঁৱৰে দুটা পৰিয়ালৰ তিনিগৰাকী কিশোৰীক বিয়াৰ প্ৰলোভনেৰে বলপূৰ্বকভাৱে নিৰ্যাতন চলাই ঘৰৰ সমীপতে পেলাই থৈ যায় অভিযুক্তই । এই অভিযোগ উত্থাপন কৰিছে কিশোৰীৰ আত্মীয়ই ৷
ঘটনা সন্দৰ্ভত বৰভিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীৰ পৰিয়ালে । আৰক্ষীয়ে দুজন অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে । আনহাতে আন এগৰাকী কিশোৰীৰপৰিয়ালেও পৃথকে আন এখন এজাহাৰ দাখিল কৰে । বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষীন্দ্ৰ শইকীয়াৰ তৎপৰতাত অভিযুক্ত তিনিজনক আটক কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ আটকাধীন তিনিজন ক্ৰমে- মফিদুল ইছলাম (19), ফৰিদুল ইছলাম (20) আৰু ৰজৱ আলী (21) বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : চৰাইদেউৰ নামতোলাত ব্ৰাউন চুগাৰসহ আটক দুই অৰুণাচলী