কলগাছিয়া,৩ আগষ্ট : বৰপেটা জিলাত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । এইবাৰ জিলাখনৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত চানপুৰ গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড (Theft Incident in Kalgachia)। গাঁওখনৰ প্ৰাক্তন পঞ্চায়ত সদস্য মহম্মদ আলীৰ ঘৰত চোৰে ঘৰৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে । ঘৰৰ ভিতৰৰ পৰা এখন টেবুল লৈ যায় চোৰে ।
পাছত চানপুৰ মছজিদৰ কাষতে টেবুলৰ তলা ভাঙি নগদ ধন ৫ হাজাৰ টকা আৰু সোণ, ৰূপৰ অলংকাৰ আৰু এখন এ টি এম চুৰি কৰি লৈ যায় । প্ৰায় ১ লাখ ২৫ হাজাৰ টকাৰ সামগ্ৰী চুৰি হোৱা বুলি ইতিমধ্যে ভুক্তভোগী লোকজনে জানিবলৈ দিয়ে (Gold ornaments and money stolen)। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
বৃহত্তৰ চানপুৰ অঞ্চলত প্ৰায় প্ৰত্যেক দিনাই এনে ধৰণৰ চুৰিকাণ্ড সংঘটিত হৈ আছে । ফলত গাঁওবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ইতিমধ্যে ভুক্তভোগী লোকজনে বালিকুৰি আৰক্ষী থানত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে । এই ক্ষেত্ৰত বালিকুৰি আৰক্ষীয়ে চোৰক কৰায়ত্ত কৰাৰ উদ্দেশ্যে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :Theft in Kalgachia: কলগাছিয়াত চোৰৰ উপদ্ৰৱ, লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী