কলগাছিয়া, 22 এপ্ৰিল: লক ডাউনৰ মাজতে মঙলবাৰে নিশা কলগাছিয়া আৰক্ষী থানাৰ সমীপৰ বালাৰপাথাৰ গাঁৱত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ আমিৰ হুছেইন নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত এই চুৰিকাণ্ড ৷ ব্যক্তিজনৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ 25 হাজাৰ টকা, এটা মোবাইল ফোনৰ লগতে বহু পৰিমানৰ সোণৰ আ-অলংকাৰ ৷
উল্লেখ্য যে, লকডাউনৰ বাবে খাদ্যৰ সংকটত পৰা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিবৰ বাবে ৰাইজৰ পৰা দান-বৰঙণিৰে জমা কৰা 5 হাজাৰ টকাও চোৰে লৈ যোৱা বুলি প্ৰকাশ কৰে আমিৰ হুছেইনে ৷ লগতে দেশত লক ডাউন চলি থকাৰ ফলত খাদ্য আৰু অৰ্থ সংকটত পৰাৰ বাবে এই চুৰি কাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আমিৰ হুছেইনে ৷ উল্লেখ্য যে, কলগাছিয়া এলেকাত বিগত সময়তো সংঘটিত হৈ আহিছে এনে ধৰণৰ চুৰি কাণ্ড ৷
লগতে পঢ়কঃ ৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ ধুবুৰীৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ