বৰপেটাৰোড, 2 আগষ্ট : বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ পৰা সংগৃহীত বিদ্যুতৰ মাচুল চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্য্যালয়ৰ প্ৰায় 21 লাখ টকা চুৰি হৈছে ৷ ঘটনাটো সংঘটিত হয় সোমবাৰে ৷
কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীয়ে সদৰি কৰা মতে যোৱা 31 জুলাইত সংগৃহীত হোৱা বিদ্যুত মাচুল 1 আগষ্ট দেওবাৰ হোৱা হেতুকে বেংকত জমা কৰিব পৰা নাছিল এ পি ডি চি এলৰ কেচিয়াৰে ৷ সেয়েহে 2 আগষ্ট সোমবাৰে সংগৃহীত বিদ্যুতৰ বিলখিনি একেলগ কৰি মুঠ 21 লাখ টকা বেংকত জমা কৰাৰ বাবে সাজু কৰিছিল ৷
লগতে পঢ়ক: চাৰি বছৰে বন্ধ হৈ থকা এপল' মিলত চোৰৰ লুট-পাত
কেচিয়াৰৰ টেবুলৰ কাষত এটা কলা বেগৰ ভিতৰত বিদ্যুতৰ বিলৰ উক্ত টকাখিনি মজুত কৰি অকমান সময়ৰ বাবে আঁতৰি গৈছিল কেচিয়া গৰাকী ৷ কেচিয়া গৰাকী তথা কেচ কাউন্টাৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো অজ্ঞাত লোকে আহি টকাৰ বেগটো লৈ উধাও হয় বুলি জানিবলৈ দিছে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে ৷
বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় 21 লাখ টকাৰ বিদ্যুতৰ বিল চুৰি হোৱাৰ ঘটনা বৰপেটাৰোড আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে কাৰ্যালয়টোত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ৷ ইফালে, বিদ্যুত বিভাগৰ কাৰ্যালয়টোত চিচি টিভিৰ ব্যৱস্থা আছে যদিও চিচি টিভি বিকল হৈ আছে ৷ যাৰ বাবে এ পি ডি চি এলৰ কাৰ্যালয়টোত সংঘটিত হোৱা চুৰিকাণ্ডটোৰ তদন্ত কৰাত জটিলতা আহি পৰিছে ৷
লগতে পঢ়ক: মাণিকপুৰত পৰিত্যক্ত অৱস্থাত অসম ৰাজ্যিক বস্ত্ৰ নিগম