ETV Bharat / state

কলগাছিয়াত ভয়ংকৰ খহনীয়াত উচন শতাধিক পৰিয়াল

author img

By

Published : Jul 24, 2021, 11:24 AM IST

কলগাছিয়াৰ আমগুৰিত বেকী নৈয়ে লৈছে কালৰূপ ৷ ইতিমধ্যে নৈখনৰ বুকুত জাহ গ'ল প্ৰায় দহটাকৈ পৰিয়ালৰ মাটি-ভেটি । গছ-গছনি কাটি খহনীয়া প্ৰতিৰোধৰ আপ্ৰাণ চেষ্টা ৰাইজৰ ।

The erosion of the Beki river continues at Amguri,Barpeta District
ভয়ংকৰ খহনীয়া: উচন হ'ল শতাধিক পৰিয়াল

জনীয়া, 24 জুলাই : নেৰানেপেৰা বৰষুণৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীকে (Bramhaputra River) ধৰি সকলো নৈ-উপনৈৰ জলপৃষ্ঠ ৷ সমান্তৰালকৈ বেকী নৈ (Beki River)ৰ বুকুতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে পানীৰ পৰিমাণ ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰী গাঁৱত বেকী নদীৰ খহনীয়াই (Erosion) ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে ৷ সপ্তাহটোৰ ভিতৰতে প্ৰায় দহটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ গৈছে ৷

লগতে শ শ বিঘা শালিধানৰ খেতি, কঠিয়া আৰু মৰাপাটৰ খেতি আদি বেকীৰ খহনীয়াত জাহ গৈছে ৷ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ মাটি-ভেটি হেৰুৱাই বহুলোকে মথাউৰিত অস্থায়ী শিবিৰ পাতি দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খহনীয়াত সৰ্বশ্ৰান্ত হৈ হতাশাত ভাগি পৰিছে নৈপৰীয়া লোকসকল ।

ভয়ংকৰ খহনীয়া: উচন হ'ল শতাধিক পৰিয়াল

বছৰ বছৰ ধৰি বেকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক আহ্বান জনাইছে ৰাইজে ৷ কিন্তু এতিয়ালৈ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ অৱশেষত নিৰুপায় হৈ স্থানীয় ৰাইজে হাতৰ ধন ব্যয় কৰি গছ-গছনি কাটি খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখে ৷

উল্লেখযোগ্য যে, কলগাছিয়া (Kalgashia)ৰ খাৰবাল্লী আৰু আমগুৰিৰ মাজেৰে বেকী নদীৰ সুঁতি বৈ যোৱাত আমগুৰি গাঁৱখনত বিগত দুমাহ ধৰি খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ উক্ত অঞ্চলটোৰ কৰাৰকুৰ-কলগাছিয়া গড়কাপ্তানি পথ আৰু ৰাজ্যিক ঘাইপথলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে খহনীয়াই । খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতো জিলা প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । খৰালিৰ সময়ত একাংশ লোকে বন বিভাগৰ আশীৰ্বাদত অবৈধভাৱে বালি খনন কৰাৰ ফলতে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে ।

লগতে পঢ়ক- জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.