ETV Bharat / state

Tense situation in Barpeta Road: সুৰাৰ দোকানৰ নামত আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদানক লৈ উত্তেজনা

author img

By

Published : Jul 18, 2022, 6:15 PM IST

বৰপেটাৰোডত উত্তেজনা ৷ বৰপেটাৰোডত 7 খনকৈ বিলাতী সুৰাৰ দোকানৰ বাবে No Objection certificate ৰ প্ৰমাণপত্ৰ দিয়াক লৈ চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়া ৷

7-foreign-liquor-shops-issued-no-objection-certificates-in-barpeta-road
বিলাতী সুৰাৰ দোকানত আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদানক লৈ বৰপেটাৰোডত উত্তেজনা

বৰপেটাৰোড, 18 জুলাই : বৰপেটাৰোডত উত্তেজনা ৷ বৰপেটাৰোডত 7 খনকৈ বিলাতী সুৰাৰ দোকানৰ বাবে No Objection certificate ৰ প্ৰমাণপত্ৰ দিয়াক লৈ চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 2009 চনত কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ পৌৰপতি প্ৰয়াত বিদ্যানন্দ চৌধুৰীৰ দিনতে বৰপেটাৰোড পৌৰসভা এলেকাত বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ বৰপেটাৰোড পৌৰবোৰ্ডৰ পৰা নিদিয়াৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল (NOC for foreign liquor shops from Barpeta Road Municipal Board) ৷

পৰৱৰ্তী সময়ত বৰপেটাৰোড পৌৰবোৰ্ড বিজেপিৰ দখললৈ যোৱাত প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ সাহাৰ নেতৃত্বত বৰপেটাৰোড পৌৰবোৰ্ড গঠন হৈছিল যদিও তেওঁৰ পাচ বছৰীয়া কাৰ্যকালতো বৰপেটাৰোডত বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তি নথকাৰ প্ৰমানপত্ৰ প্ৰদান কৰা নাছিল ৷ পৰৱৰ্তী সময়ত পুনৰ বৰপেটাৰোড পৌৰসভা বিজেপিৰ দখললৈ যোৱাত প্ৰাক্তন পৌৰ নেত্ৰী সবিতা দেৱনাথৰ নেতৃত্বত বৰপেটাৰোড পৌৰবোৰ্ডখন গঠন হৈছিল (Barpeta Road Municipal Board Formation) ৷ সবিতা দেৱনাথৰ কাৰ্যকালতো বৰপেটাৰোড পৌৰ এলেকাত বিলাতী সুৰাৰ দোকানৰ বাবে আপত্তি নথকাৰ প্ৰমাণ পত্ৰ দিয়া হোৱা নাছিল ৷ সবিতা দেৱনাথৰ কাৰ্যকাল শেষ হোৱাৰ পাছত বৰপেটাৰোড পৌৰসভা প্ৰশাসনৰ অধীনলৈ যায় ৷ বৰপেটাৰোড পৌৰবোৰ্ড প্ৰশাসনৰ অধীনলৈ যোৱাৰ সময়ত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰে বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাপে দায়িত্বভাৰ লয় ৷

ইয়াৰ পিছতেই কাৰ্যবাহী বিষয়া গৰাকীয়ে বৰপেটাৰোড পৌৰ এলেকাত নতুনকৈ 7খন বিলাতী সুৰাৰ দোকান খোলাৰ বাবে অনুজ্ঞাপত্ৰৰ বাবে আপত্তি নথকাৰ প্ৰমাণপত্ৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে (Charges issuing NOC for license for liquor shop) ৷ এতিয়া কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰ্তমানৰ বৰপেটাৰোডৰ পৌৰবোৰ্ড আৰু চহৰখনৰ সচেনত মহল ৷ ইপিনে বৰপেটাৰোড পৌৰ এলেকাত সুৰাৰ দোকানৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ পৌৰবোৰ্ডে দিব নোৱাৰিব বুলি চলিত বৰ্ষৰ 17 মাৰ্চত মহামান্য ন্যায়ালয়েও এক নিৰ্দেশনা জাৰী কৰিছিল ৷

এতিয়া মহামান্য ন্যায়ালয়ৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম খনিকৰে 17 মাৰ্চৰ পাছত কিদৰে সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ দিছে সেইলৈ চহৰখনৰ বৰ্তমানৰ বিজেপিৰ দখলত থকা বৰপেটাৰোড পৌৰবোৰ্ডৰ সভাপতি ৰাজেশ চৰকাৰেও আশ্চৰ্য প্ৰকাশ কৰে ৷ তেঁও কয় যে পূৰ্বৰ তিনিটাকৈ পৌৰবোৰ্ডে বৰপেটাৰোডৰ চহৰত সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তিবিহীনৰ প্ৰমাণপত্ৰ নিদিয়াৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তকেই বাহাল ৰাখি আগন্তুক দিনত কোনোধৰণৰ আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান নকৰে বুলি স্পষ্ট কৰে ৷

লগতে পঢ়ক: Heated situation at Anganwadi centre: শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.