ETV Bharat / state

অস্ত্ৰোপচাৰৰ লগতে বন্ধ কৰিলে মূত্ৰনলী !

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:37 PM IST

Wrong treatment: চৰকাৰী হাস্পতালৰ পৰা নাৰ্ছিং হোমলৈ ৰোগীক ৰেফাৰ কৰা আৰু ভুল চিকিৎসা কৰা ঘটনাৰ বিৰুদ্ধে বৰপেটাত ক্ষুব্ধ হৈ পৰিছে দল-সংগঠনৰ সদস্যৰ লগতে ভুক্তভোগী পৰিয়াল ৷

tense situation at barpeta over wrong treatment
ভুক্তভোগী পৰিয়ালৰ সাক্ষ্যগ্ৰহণ
সাক্ষ্যগ্ৰহণ

বৰপেটা, ২১ ডিচেম্বৰ : কি আচৰিত, চিকিৎসকে বন্ধ কৰিলে ৰোগীৰ মূত্ৰনলী ! বৰপেটাৰোডত চৰকাৰী হাস্পতালৰ পৰা নাৰ্ছিং হোমলৈ ৰোগীক ৰেফাৰ কৰা আৰু প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ পিচত ভুল চিকিৎসাৰে প্ৰসূতিৰ মূত্ৰনলী বন্ধ কৰি দিয়া ঘটনাৰ বিৰুদ্ধে বৰপেটাত স্বাস্থ্য বিভাগৰ যুটীয়া সচিবে সাক্ষ্যগ্ৰহণ কৰে ৷ বৰপেটা আৱৰ্ত ভৱনত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰৰ নেতৃত্বত বিভাগটোৰ এটা তদন্তকাৰী দলে বৰপেটাৰোড ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটাৰ দুই চিকিৎসকৰ বিৰুদ্ধে ৭ টা দল-সংগঠনৰ লগতে আন কেবাটাও ভুক্তভোগী পৰিয়ালৰ সাক্ষ্যগ্ৰহণ কৰে ৷

একাংশ দল-সংগঠনে বৰপেটাৰোড ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটাৰ দুই চৰকাৰী চিকিৎসক ডাঃ অৰূপ কলিতা আৰু ডাঃ কংকন গোস্বামীৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰীক কেতবোৰ গুৰুতৰ অভিযোগ দাখিল কৰিছিল ৷ বিশেষকৈ বৰপেটাৰোড চৰকাৰী হাস্পতালৰ পৰা প্ৰসূতিক নাৰ্ছিং হোমলৈ ৰেফাৰ কৰা আৰু চাফাকামাৰ গাঁৱৰ মৰ্জিনা খাটুন নামৰ এগৰাকী প্ৰসূতিক ভুল চিকিৎসাৰে মূত্ৰনলী বন্ধ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে ৭ টাকৈ দল-সংগঠনে স্বাস্থ্যমন্ত্ৰীক অভিযোগ প্ৰদান কৰিছিল ৷

এই অভিযোগৰ পিচতে স্বাস্থ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে চিকিৎসক ডাঃ অৰূপ কলিতাৰ লগতে আন এগৰাকী চিকিৎসক ডাঃ কংকন গোস্বামীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷ স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ইন্দ্ৰানী লস্কৰৰ নেতৃত্বত সদৌ কোচ ৰাজবংশী ছাত্ৰসন্থা, সদৌ অসম আদিবাসী ছাত্ৰসন্থা, কোচ ৰাজবংশী উন্নয়ন পৰিষদ, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা, অখিল হিন্দীভাষী পৰিষদকে ধৰি ৭ টা দল-সংগঠন আৰু চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হোৱা ভুক্তভোগী পৰিয়ালৰ সাক্ষ্যগ্ৰহণ কৰে ৷

লগতে পঢ়ক : BMCH news: চিকিৎসা ল’বলৈ আহি ঘূণীয়া হ’ল এটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.