ETV Bharat / state

Tutors Protest in Barpeta: টিউটৰ পদৰ পৰা শিক্ষকলৈ উন্নীত কৰাৰ দাবীত শিক্ষকৰ প্ৰতিবাদ - Office of Barpeta District Primary Education

পেঞ্চন, গ্ৰেচুইটী, পি এফ, জিপিএফৰ পৰা বঞ্চিত 'টিউটৰ'ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী (Tutors Protest in Assam)। নতুন নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বিভিন্ন অৰ্হতা জাপি দিয়াটো যুক্তিসংগত নহয় বুলি মন্তব্য় ক্ষুব্ধ শিক্ষকৰ ।

utors Protest in Assam
টিউটৰৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Feb 16, 2023, 3:42 PM IST

টিউটৰৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী

বৰপেটা ,১৬ ফেব্ৰুৱাৰী: ৰাজহুৱা শিক্ষানুষ্ঠানত বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকত শিক্ষাদান কৰি অহা শিক্ষকসকলক তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিম সময়ত 'টিউটৰ' হিচাপে নিযুক্তি দিয়া হৈছিল ৷ ২০২১ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত শিক্ষকসকলৰ পদ মৰ্যাদা লাঘৱ কৰি 'শিক্ষক'ৰ পৰিৱৰ্তে 'টিউটৰ' নামকৰণেৰে প্ৰাদেশিকীকৰণ কৰা হয় । প্ৰায় ১৫-২০ বছৰৰো অধিক কাল ৰাইজে স্থাপন কৰা তথা চৰকাৰৰ অনুমতি আৰু স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত বিনা পাৰিশ্ৰমিকত কৰ্মৰত হৈ অহা শিক্ষাগুৰুসকলক দৰমহাৰ পৰিৱৰ্তে মাহেকত ১০৮০০ টকা মজুৰি প্ৰদান কৰে । সেয়েহে পেঞ্চন, গ্ৰেচুইটী, পি এফ, জিপিএফ আদি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত এই শিক্ষাগুৰুসকলে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Tutors Protest at Barpeta) ৷

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষাগুৰুসকলে দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে (Office of Barpeta District Primary Education Officer) ৷ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বৰপেটা জিলাৰ প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি গণেশ চন্দ্ৰ ৰয়ে কয় যে, ২০-২৫ বছৰে বিনাবেতনেৰে শিক্ষাদান কৰি অহা শিক্ষকসকলক নতুন নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বিভিন্ন অৰ্হতা জাপি দিয়াটো যুক্তিসংগত হ'বই নোৱাৰে (Provincialised Middle English and Lower Primary Teachers Association) ৷

তেওঁ লগতে কয় যে, টিউটৰৰ পৰা শিক্ষক হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰত নতুন আইনক দোহাই দি শিক্ষকসকলক বঞ্চিত কৰি ৰাখি অৱসৰ ল'বলৈ বাধ্য কৰাইছে । ইয়াৰ প্ৰতিৰোধৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী-সকলে আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হোৱা বুলি তেওঁ উল্লেখ কৰে ৷ এই কাৰ্যসূচীতে অৱসৰ গ্ৰহণ কেইবাগৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে মৃত্যু হোৱা টিউটৰৰ পৰিয়ালকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই কাৰ্যসূচীত তিনি শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

ইপিনে, প্ৰতিবাদকাৰী শিক্ষকসকলে কয় যে, যোৱা ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত তদানীন্তন শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অৱসৰৰ সময়ত টিউটৰ হৈও ১০ লাখ টকাৰ গ্ৰেচুইটী পোৱাৰ কথাটোও এক প্ৰহসন স্বৰূপেহে হৈছে । এই ঘোষণাৰ পৰৱৰ্তী সময়ত যোৱা দুবছৰে বহু টিউটৰে অৱসৰ গ্ৰহণ কৰি সুদা হাতে শিক্ষকতা জীৱন সামৰিবলৈ বাধ্য হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে । তেওঁলোকে সমাগত অসম বিধাসভাৰ অধিবেশনত ৰাজ্য়ৰ প্ৰাথমিক স্তৰৰ ৯৫০০ গৰাকী টিউটৰৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি ৰাজ্য় চৰকাৰক সঁকিয়াই দিয়ে ।

লগতে পঢ়ক:Students protest demanding Concrete bridge: কলগাছিয়াত পকী দলং নিৰ্মাণৰ দাবী কণ কণ ছাত্ৰ-ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.