ETV Bharat / state

Pupil-Teacher Ratio : এজন শিক্ষকেৰে চলিছে কলগাছিয়াৰ পশ্চিম শওপুৰ প্ৰাথমিক বিদ্যালয়

author img

By

Published : Nov 27, 2021, 7:40 PM IST

চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান (Government educational institutions of Assam)ৰ প্ৰতি থকা চৰকাৰৰ অনীহাৰ এক উদাহৰণ দাঙি ধৰিছে পশ্চিম শওপুৰ প্ৰাথমিক বিদ্যালয়ে । বিদ্যালয়খনত থকা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষকে কৰিছে পাঠদান ৷ শীঘ্ৰে শিক্ষক নিযুক্তিৰ দাবী জনাইছে স্থানীয় ৰাইজৰ ৷

teacher shortage affects in kalgachia West Shahpur Primary School
কলগাছিয়াৰ পশ্চিম শওপুৰ প্ৰাথমিক বিদ্যালয়

কলগাছিয়া, 27 নৱেম্বৰ : অসম চৰকাৰৰ শিক্ষা বিভাগ(Education Department Assam)ৰ ফোঁপোলা স্বৰূপ উদঙাইছে কলগাছিয়াৰ এখন বিদ্যালয়ে । বিদ্যালয়খনৰ ৫ টা শ্ৰেণীৰ প্ৰতিটো শ্ৰেণীত ৫ টাকৈ বিষয় থকাৰ পাছতো মাত্ৰ এগৰাকী শিক্ষকৰ দ্বাৰাহে চলি আছে পাঠদান । চৰকাৰী নিৰ্দেশনা তথা শিক্ষাৰ অধিকাৰ আইন অনুসৰি ত্ৰিশজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক(30 pupils per teacher) থাকিব লাগে । কিন্তু ১২৯৩ নং পশ্চিম শওপুৰ প্ৰাথমিক বিদ্যালয়খনত মুঠ ১৬২ জন ছাত্ৰ ছাত্ৰী আছে যদিও শিক্ষক আছে মাত্ৰ এজন ।

ইফালে স্থানীয় ৰাইজ আৰু একাংশ অভিভাৱকে জানিবলৈ দিয়া মতে প্ৰধান শিক্ষকগৰাকীয়ে অধিক সময় কাৰ্যালয়ৰ কামতহে ব্যস্ত থাকে । যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীয়ে সময়মতে পাঠদানৰ বঞ্চিত হ’বলগীয়া হৈছে । অৱশ্যে বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰ পৰা ভাড়াতীয়া হিচাপে এজনী শিক্ষয়িত্ৰী নিযুক্তি দিছে যদিও সেয়া যথেষ্ঠ নহয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজ আৰু অভিভাৱকে ।

ইফালে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক (Pupil-teacher ratio) বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিও কোনো ধৰণৰ সুফল পোৱা নাই বুলি জানিবলৈ দিছে প্ৰধান শিক্ষক মিৰ্জা হুৰমুজ আলিয়ে । অভিভাৱক, স্থানীয় সচেতন ৰাইজে অতি সোনকালে বিদ্যালয়খনত চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক : Sports Conference in Guwahati : স্প’ৰ্টষ্টাৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ক্ৰীড়া সম্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.