ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত শ্বহীদ বেদী মুকলি

author img

By

Published : Nov 19, 2020, 1:50 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানত শ্বহীদ বেদী মুকলি ৷ শ্বহীদ বেদীটো উন্মোচন কৰে বিটিচিৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক অনিন্দ স্বৰ্গীয়াৰীয়ে ।

swahid bedi innuguration barpeta assam etv bharat news
শ্বহীদ বেদী মুকলি

বৰপেটাৰোড,19 নৱেম্বৰ: প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী আঞ্চলিক বন কাৰ্যালয়ত এটি শ্বহীদ বেদী মুকলি কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা 14 গৰাকীকৈ বন কৰ্মীৰ মৃত্যুৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদীটো উন্মোচন কৰে বিটিচিৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক অনিন্দ স্বৰ্গীয়াৰীয়ে । তাৰোপৰি দীৰ্ঘদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত সভা-সমিতি অনুষ্ঠিত কৰিব পৰাকৈ কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা নাছিল বাবে উদ্যানখনৰ সমীপত এটি প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ শ্বহীদ বেদী মুকলি অনুষ্ঠানত উপস্থিত থাকে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, উপ-ক্ষেত্ৰ সঞ্চালক ৰঘূনাথ বড়ো , প্ৰাক্তন বন বিষয়া ধৰণীধৰ বড়ো, বন বিষয়া বাবুল ব্ৰহ্মকে ধৰি কেইবাজনো শীৰ্ষ বন বিষয়া ৷

লগতে চাওকঃ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.