ETV Bharat / state

Swachh Abhiyan at Barpeta: কলগাছিয়া বজাৰত স্বচ্ছ ভাৰত অভিযানৰ বিপৰীত ছবি - Swachh Bharat Abhiyan

কলগাছিয়াত স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ । কলগাছিয়া বজাৰত (Kalgasia Market) কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে । বজৰৰ মাজ মজিয়াত জাবৰৰ দম ।এ ক দুৰ্গন্ধময় পৰিৱেশৰ মাজত সামগ্ৰী বিক্ৰী কৰিছে ব্যৱসায়ীসকলে ৷ ভ্ৰূক্ষেপ নাই প্ৰশাসন, হাট লেচি তথা স্থানীয় জনপ্ৰতিনিধিৰ ।

Swachh Abhiyan at Barpeta
কলগাছিয়া বজাৰত স্বচ্ছ ভাৰত অভিযানৰ বিপৰীত ছবি
author img

By

Published : Oct 19, 2022, 2:21 PM IST

Updated : Oct 19, 2022, 2:36 PM IST

কলগাছিয়া, ১৯ অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক সপোন হৈছে স্বচ্ছ ভাৰত অভিযান (Swachh Bharat Abhiyan) আঁচনি ৷ কিন্তু স্বচ্ছ ভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবিখন প্ৰত্যক্ষ কৰিলে চকু কপালত উঠিব আপোনাৰো ৷ কলগাছিয়াত স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত দেখা গৈছে বিপৰীত প্ৰতিচ্ছবি ৷ কলগাছিয়া বজাৰত জমা হৈ থকা জাৱৰৰ দমে অতিষ্ঠ কৰি তুলিছে ৰাইজক ৷ জাৱৰৰ দম পচি দুৰ্গন্ধময় পৰিৱেশ উদ্ভৱ হোৱাত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকি ৷ কিন্তু ইয়াৰ পিছতো এই সমস্যা সমাধানৰ বাবে কাণসাৰ নাই স্থানীয় বজাৰ সমিতিৰ লগতে জন প্ৰতিনিধিৰ ৷ এই জাৱৰৰ দমে উদঙাইছে প্ৰধানমন্ত্ৰীৰ স্বচ্ছভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবিখন ।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া বজাৰক ঢুকি পোৱা নাই স্বচ্ছ ভাৰত আঁচনিয়ে (Swachh Bharat Scheme not reached Kolgachia market) ৷ বজাৰখনৰ চৌপাশে থকা জাৱৰৰ দম আৰু কদৰ্যময় পৰিৱেশে (miserable environment at kalgasia Market) চিন্তিত কৰি তুলিছে সচেতন মহলক । যি সময়ত চৰকাৰে স্বচ্ছ ভাৰত আঁচনিৰ সফল ৰূপায়ণ হোৱা বুলি দাবী কৰিছে, তেনে সময়তে এই বজাৰখনৰ এনে লেতেৰা পৰিৱেশে চৰম ভাবুকিৰ সৃষ্টি কৰিছে ।

কলগাছিয়া বজাৰত স্বচ্ছ ভাৰত অভিযানৰ বিপৰীত ছবি

উল্লেখ্য যে, প্ৰাক্তন সাংসদ ছিৰাজউদ্দিন আজমলে কলগাছিয়াক আদৰ্শ পঞ্চায়ত হিচাপে ঘোষণা কৰিছিল যদিও এই বজাৰখনৰ কদৰ্যময় পৰিৱেশে উদঙাই দিছে আদৰ্শ পঞ্চায়তখনৰ ফোঁপোলা স্বৰূপ । ভাৰত চৰকাৰে এই আঁচনিৰ নামত ব্যয় কৰিছে কোটি-কোটি টকা ৷

কলগাছিয়াৰ জনপ্ৰতিনিধি, প্ৰশাসন আৰু দল-সংগঠনৰ ভূমিকাও এইক্ষেত্ৰত সন্তোষজনক নহয় ৷ তদুপৰি বজাৰখনত মাছ-মাংস,পাচলি আদিও অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী হৈ আছে ৷ ৰূপসী আঞ্চলিক পঞ্চায়তৰ দ্বাৰা পৰিচালিত সাপ্তাহিক বজাৰখনৰ পৰা দৈনিক লাখ লাখ টকা ৰাজহ সংগ্ৰহ হয় যদিও কোনো ধৰণৰ নলা-নিৰ্মাণ নকৰাৰ ফলত লেতেৰা আৰু বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত প্ৰশাসনেও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক:Ganja Seized At Lumding: লামডিং ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎবৃ পৰিমাণৰ গাঞ

Last Updated : Oct 19, 2022, 2:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.