ETV Bharat / state

আম আদমী পাৰ্টিৰ অৱস্থান ধৰ্মঘট : দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ - বৰপেটা জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ

আম আদমী পাৰ্টিয়ে বৰপেটা জিলাৰ গজিয়া-মেধিৰটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সম্মুখত এক অৱস্থান ধৰ্মঘট আয়োজন কৰে ৷ সমগ্ৰ অসমৰ লগতে বৰপেটা জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

আম আদমী পাৰ্টিৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Nov 20, 2019, 5:02 PM IST

বৰপেটা,20 নৱেম্বৰ : ৰাজহ বিতৰণ ব্যৱস্থাত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে আম আদমী পাৰ্টিয়ে বৰপেটা জিলাৰ গজিয়া-মেধিৰটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সম্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ দলটোৰ বৰপেটা জিলাৰ সক্ৰিয় নেতা ফাৰুক খান আৰু জিলা সমন্বয়ক বাশান মল্লিকৰ উদ্যোগত এই অৱস্থান ধৰ্মঘটত প্ৰায় শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

আম আদমী পাৰ্টিৰ অৱস্থান ধৰ্মঘট

প্ৰতিবাদকাৰী সকলে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগত ব্যাপক দুৰ্নীতি হোৱা বুলি জানিবলৈ দিয়ে ৷ মৃত্যু হোৱা বহু কেইজন হিতাধিকাৰীৰ নামত ৰেচন উলিয়াই আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এইবোৰ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত লোকক প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। সমান্তৰালকৈ বানপানীত বিধ্বস্ত হোৱা বাট-পথসমূহো শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনায়।

প্ৰতিটো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুৰ্নীতি বন্ধ কৰক,দৰিদ্ৰ পৰিয়ালৰ লোকে ৰেচন কাৰ্ড পোৱা নাই কিয়,ইয়াৰ জবাব দিয়ক,প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থাত কমিছনৰাজ বন্ধ কৰক,আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। দাবীসমূহ মানি ল'বৰ বাবে ধৰ্মঘটকাৰী সকলে আম আদমী পাৰ্টিৰ বৰপেটা জিলা সমন্বয়ক বাশান মল্লিকৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ বৰপেটা উপায়ুক্তলৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক : সদনত নুমলীগড় শোধনাগাৰৰ প্ৰসংগ : ব্যক্তিগতকৰণ সমৰ্থন নকৰে দিলীপ শইকীয়াই

Intro:slug: as_jania_20nov_obosthan_dharmoghat_vis2+byt3+pho1_story_asc10058

Anchor: গজিয়া-মেধিৰটাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমুখত আম আদমি পাৰ্টিৰ অৱস্থান ধৰ্মঘট। ৰাজহ বিতৰণ ব্যৱস্থাত হোৱা ব্যাপক দূৰ্নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট।Body:slug: as_jania_20nov_obosthan_dharmoghat_vis2+byt3+pho1_story_asc10058

VO: ৰাজহ বিতৰণ ব্যৱস্থাত সংগঠিত হোৱা ব্যাপক দূৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে আম আদমি পাৰ্টিৰ তৰফৰ পৰা বৰপেটা জিলাৰ গজিয়া মেধিৰটাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সম্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আম আদমি পাৰ্টিৰ বৰপেটা জিলাৰ সক্ৰিয় নেতা ফাৰুক খান আৰু আম আদমি পাৰ্টিৰ বৰপেটা জিলা সমন্বয়ক বাশান মল্লিকৰ উদ্যোগত এই অৱস্থান ধৰ্মঘটত প্ৰায় শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা দেখা যায়। ধৰ্মঘটকাৰী সকলে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলা খাদ্য আৰু যোগান বিভাগত ব্যাপক দূৰ্নীতি হোৱা প্ৰকাশ কৰে। বহুতো ঢুকাই যোৱা হিতাধিকাৰীৰ নামত ৰেচন ওলাই বিভাগটো আত্মসাৎ কৰাৰো অভিযোগ তুলিছে ধৰ্মঘটকাৰী সকলে। এইবোৰ ভূৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত লোকলৈ প্ৰদান কৰিবলৈ আহ্বান জনায়। তাৰ সমন্তৰালকৈ যোৱা বানপানীত বিধ্বস্ত হোৱা বাট-পথ শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনায়।
প্ৰতিটো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুৰ্নীতি বন্ধ কৰক, দৰিদ্ৰ পৰিয়ালৰ লোকে ৰেচন কাৰ্ড পোৱা নাই কিয় জবাব লাগে জবাব দিয়ক, প্রতিটো পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থাত কমিছন ৰাজ বন্ধ কৰক, কমিছন ৰাজৰ বিৰুদ্ধে আন্দোলন চলিছে চলিবই আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। দাবী সমূহ মানি লোৱাৰ বাবে ধৰ্মঘটকাৰী সকলে আম আদমি পাৰ্টিৰ বৰপেটা জিলা সমন্বয়ক বাশান মল্লিকৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ বৰপেটা উপায়ুক্তলৈ প্ৰেৰণ কৰে।Conclusion:slug: as_jania_20nov_obosthan_dharmoghat_vis2+byt3+pho1_story_asc10058

Byte: ফাৰুক খান, বাশান মল্লিক আৰু ধৰ্মঘটকাৰী ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.