ETV Bharat / state

Theft at Moinbari Satra: মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী - বৰপেটা আৰক্ষী

বৰপেটা আৰক্ষীয়ে সৰভোগ আৰু বাক্সাৰ শিমলাগুৰী আৰক্ষীৰ সহযোগত ক্ষীপ্ৰতাৰে তদন্ত চলাই মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চুৰি হোৱা এই সামগ্ৰী সমূহ কেৰামত আলী নামৰ চোৰটোৱে ঘৰৰ ভিতৰত মাটিত পুতি ৰাখিছিল ৷

Stolen Goods of Moinbari Satra Recovered
মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:49 PM IST

উদ্ধাৰ হ’ল মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী

বৰপেটাৰোড, 8 ছেপ্তেম্বৰ : বৰপেটাৰ সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰত বৃহস্পতিবাৰে নিশা চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছত ক্ষীপ্ৰতাৰে তদন্ত কৰি চোৰক কৰায়ত্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিয়াৰ পাছতেই বৰপেটা আৰক্ষী অধিক তৎপৰ হৈ পৰে ৷ মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ বৰপেটা আৰক্ষী জোৰদাৰ তদন্ত আৰু আভিযান আৰম্ভ কৰে ৷

বৰপেটা আৰক্ষীয়ে সৰভোগ আৰু বাক্সাৰ শিমলাগুৰী আৰক্ষীৰ সহযোগত ক্ষীপ্ৰতাৰে তদন্ত চলাই মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সত্ৰৰ চুৰি হোৱা মূল্যবান সামগ্ৰী সমূহ বাক্সাৰ শিমলাগুৰীৰ ধূপগুৰী গাঁৱৰ কেৰামত আলী নামৰ এটা চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ চুৰি হোৱা এই সামগ্ৰী সমূহ কেৰামত আলী নামৰ চোৰটোৱে ঘৰৰ ভিতৰত মাটিত পুতি ৰাখিছিল ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰামত আলীৰ পিতৃ গিয়াছ উদ্দিনক আটক কৰিছে যদিও সম্প্ৰতি পলাতক হৈ থকা চোৰ কেৰামত আলীক এই মূহৰ্তলৈকে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীয়ে অভিযুক্ত চোৰ কেৰামত আলীৰ ঘৰৰ পৰা ক’লা ৰঙৰ এখন পালচাৰ বাইকো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে চোৰ কেৰামত আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ এই চুৰি কাণ্ডৰ লগত কেৰামত আলীৰ লগতে আৰু চোৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ঐতিহাসিক মইনবড়ী সত্ৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড ৷ চোৰে সত্ৰৰ পৰা শ্ৰীকৃষ্ণৰ সোণৰ মূৰ্তি লুটি লৈ যোৱাৰ লগতে প্ৰায় পাঁচশ বছৰীয়া হনুমানৰ মূৰ্তিটোৰ মূৰ ভাঙি ছিন্ন বিছিন্ন কৰে ৷ জানিব পৰা মতে প্ৰায় 30 লক্ষাধিক টকাৰ মূল্যবান সা-সামগ্ৰী লুটিছিল চোৰে ৷ মাজনিশা সত্ৰৰ তলা ভাঙি সত্ৰত প্ৰৱেশ কৰি চোৰে চলাইছিল চাফাই অভিযান ৷ তদুপৰি চোৰে প্ৰায় পাঁচশ বছৰীয়া বৰকাঁহ, বৰতাল, শৰাই, সোণৰ কলহ, ঐতিহাসিক মইনবড়ী সত্ৰৰ গুৰু আসন আদিও লণ্ডভণ্ড কৰিছিল ৷

লগতে পঢ়ক : Wood truck seized : ডিৰাক সীমান্তত কাঠভৰ্ত্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.