ETV Bharat / state

৫ বছৰীয়া শিশুক মাহী আইৰ নিৰ্যাতনৰ অভিযোগ - জিলা শিশু সুৰক্ষা কাৰ্য্যালয়

বৰপেটাত সংঘটিত এক ঘটনাই লজ্জিত কৰিছে মানৱীয়তাক ৷ মাতৃহীন এটি ৫ বছৰীয়া শিশুক পিতৃ আৰু মাহীমাকে চলাইছে অকথ্য নিৰ্যাতন ৷

step_mother_beten_5_yrs_old_child
৫ বছৰীয়া শিশুৰ ওপৰত মাহী আইৰ নিৰ্যাতন
author img

By

Published : May 2, 2021, 6:28 PM IST

বৰপেটা,2 মে': আকৌ তেজীমলাৰ সাধু, বেজবৰুৱাৰ তেজীমলাৰ সাধুৱে মাহীমাকৰ নিৰ্দয় নিৰ্যাতনৰ ছবি এখন দাঙি ধৰিছিল অসমীয়াৰ সমাজ জীৱনত ৷ তেনে এক নিৰ্দয় তথা দানৱীয় ঘটনাই সংঘটিত হ’ল বৰপেটা চহৰৰ সমীপৰ পুটলাৰটাৰী গাঁৱত ৷ এটি ৫ বছৰীয়া শিশু, নাম মাজিদুল ইছলাম ৷ মাতৃহীন এই শিশুটোৰ পিতৃৰ নাম আজিজুল হক ৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পিচত এলিজা বেগম নামৰ এগৰাকী মহিলাৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হৈছিল আজিজুল হক । কিন্তু এই দ্বিতীয় বিবাহে যেন শিশু মাজিদুলৰ জীৱনলৈ কঢ়িয়াই আনিলে চৰম দুৰ্ভাগ্য ।

মাতৃহীন শিশু মাজিদুল আকৌ এবাৰ মাতৃৰ মমতাৰে লালিত পালিত হোৱাৰ পৰিৱৰ্তে প্ৰতিটো দিনেই সন্মুখীন হৈ আহিছে মাহীমাক এলিজা বেগমৰ অকথ্য নিৰ্যাতনৰ ৷ জীৱন কি বুজিব পৰা নহওঁতেই কণমানি শিশুটোৰ জীৱনলৈ নামি অহা পিতৃ-মাহীমাকৰ এনে অগতানুগতিক নিৰ্যাতনত অৱশেষত অতিষ্ঠ হৈ পৰিল গাঁৱবাসী ৷

৫ বছৰীয়া শিশুৰ ওপৰত মাহী আইৰ নিৰ্যাতন

পিতৃ আজিজুল হকৰ লগতে মাহীমাকৰ অকথ্য নিৰ্যাতনৰ ঘটনা গাঁৱৰ লোকে অৱগত কৰে বৰপেটাৰ চাইল্ড লাইনক । লগে লগে চাইল্ড লাইনৰ কো-অ’ৰ্ডিনেটৰ ম‌ইনুল হক খানৰ সৈতে এটি দল উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক ৷ ইয়াৰ মাজতেই, কোনো লোকে মাহীমাক এলিজা বেগমৰ অকথ্য নিৰ্যাতনৰ গোপনে সংগ্ৰহ কৰি থোৱা এটা ভিডিঅ’ ফুটেজ অৰ্পণ কৰে চাইল্ড লাইনৰ হাতত । ইয়াৰ পিছতেই বৰপেটা চাইল্ড লাইনৰ বিষয়-ববীয়াসকলে বৰপেটা সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে জিলা শিশু সুৰক্ষা কাৰ্যালয় আৰু চিডব্লিউচি বৰপেটাৰ অধ্য়ক্ষকো অৱগত কৰে ।

অৱশেষত চাইল্ড লাইনৰ দলটোৱে শিশুটিক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰু শিশুটিৰ ওপৰত পুনৰাই কোনো অত্যাচাৰ নকৰিবলৈ পিতৃ-মাতৃক সকীয়নি প্ৰদান কৰি শিশুটিক পুনৰাই তেওঁলোকৰ হাতত অৰ্পণ কৰে । বৰপেটাৰ পুটলাৰট্টাৰী গাঁৱত সংঘটিত এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: চিকিৎসা সাহায্যলৈ ভাৰতত উপস্থিত ফ্ৰান্সৰ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.