ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল কায়েমৰ মৃত্যু

author img

By

Published : May 12, 2021, 2:16 PM IST

বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা আব্দুল কায়েমৰ দেহাৱসান । ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ । মঙলবাৰে নিশা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

Senior congress leader Abdul Kayem passed away
বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা আব্দুল কায়েমৰ দেহাৱসান

বৰপেটা, ১২ মে': ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হ'ল বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা আব্দুল কায়েমৰ । বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৭৬ বছৰীয়া আব্দুল কায়েম দীৰ্ঘদিন ধৰি আন ৰোগত আক্ৰান্ত হৈ আছিল ৷

যোৱা শুকুৰবাৰে এক বিশেষ অস্ত্ৰোপচাৰৰ বাবে তেওঁক চেন্নাইলৈ নিয়া হৈছিল ৷ চেন্নাইত থকা সময়ছোৱাত জ্বৰ-কাহত আক্ৰান্ত হোৱা বাবে অস্ত্ৰোপচাৰ নকৰাকৈ আব্দুল কায়েমক উভতাই অনা হৈছিল ৷ চেন্নাইৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত কৰা ক'ভিড পৰীক্ষা কৰোৱা হয় আৰু তেওঁৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

তেওঁক গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ চেষ্টা কৰা হৈছিল যদিও বিচনাৰ অভাৱৰ বাবে বৰপেটালৈ লৈ যোৱা হয় আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক'ভিড আই চি ইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় ৷ মঙলবাৰে নিশা চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক:বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.