ETV Bharat / state

চৰকাৰী ধনেৰে ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদান বৰপেটাৰ মাজদিয়া হাইস্কুলত - Scam in schools of Assam

নিম্নমানৰ ইউনিফৰ্ম বিতৰণ(School Uniform Issue at Barpeta) কৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে বৰপেটা জিলাৰ মাজদিয়া হাইস্কুলৰ একাংশ শিক্ষাৰ্থী তথা অভিভাৱক । ইউনিফৰ্ম বিতৰণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে কোৱালিটি কন্ট্ৰ'ল কমিটিৰ বিৰুদ্ধে ।

SCHOOL UNIFORM DISTRIBUTION PARENTS COMPLAINTS AGAINST SCHOOL AUTHORITY IN BARPETA
বৰপেটাৰ এখন বিদ্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ
author img

By

Published : Jan 5, 2022, 3:17 PM IST

বৰপেটা, 5 জানুৱাৰী : যি সময়ত চৰকাৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত সু-ব্যৱস্থা অনাৰ বাবে বিভিন্ন আঁচনি মুকলি কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ বিদ্যালয়ত অনিয়মৰ সন্মুখীন হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল (Scam in schools of Assam) ৷ সেয়া লাগিলে মধ্যাহ্ন ভোজন বিতৰণৰ ক্ষেত্ৰতে হওক বা বিদ্যালয়ৰ সু-ব্যৱস্থা,পাঠদান নতুবা ইউনিফৰ্মৰ ক্ষেত্ৰতে হওক ৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়েই এনে অনিয়মৰ সন্মুখীন হ'বলগীয়া হয় ৷ তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মাজদিয়া হাইস্কুলত ৷

বিদ্যালয়খনত শিক্ষাৰ্থীক ইউনিফৰ্ম যোগান ধৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে বিদ্যালয়খনত (Scam in uniform distribution at Majdia high school) । বৰপেটা জিলাৰ ভকুৱাটেপাৰ M/S AROS এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে এই অভিযোগ তুলিছে অভিভাৱক তথা অঞ্চলটোৰ সচেতন ৰাইজে ।

বৰপেটাৰ এখন বিদ্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম যোগানৰ অভিযোগ

চুক্তিপত্ৰত উল্লেখ কৰা কাপোৰৰ নমুনাৰ বিপৰীতে নিম্নমানৰ কাপোৰেৰে ইউনিফৰ্ম চিলাই কৰি যোগান ধৰা হৈছে ছাত্ৰ-ছাত্ৰীক(School Uniform Issue in Barpeta School) । বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে এই নিম্নমানৰ ইউনিফৰ্ম । যি ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুপযোগী বুলি অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱকে ।

লগতে বিদ্যালয়ৰ কোৱালিটি কন্ট্ৰ'ল কমিটিৰ বিৰুদ্ধেও নিজ স্বাৰ্থ সিদ্ধিৰ বাবে এই নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৷ সম্প্ৰতি ইউনিফৰ্ম বিতৰণৰ নামত এনে দুৰ্নীতি সংঘটিত হৈ থকাৰ কথা অকপটে স্বীকাৰ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহচিন আলীয়ে ৷

এই ক্ষেত্ৰত এতিয়া বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা অভিভাৱকসকলে ৷

লগতে পঢ়ক : ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত ইউনিফৰ্মক প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.