বৰপেটা, ৩০ মে': মোদী চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে বৰপেটাৰ জনীয়া মণ্ডল বিজেপিৰ প্ৰশংসনীয় পদক্ষেপ । শেহতীয়াকৈ কৰ'ণা হটস্পটত পৰিণত বৰপেটা জিলা কাৰাগাৰ চৌহদ চেনিটাইজ কৰে বিজেপি নেতা-কৰ্মীসকলে । বিজেপি নেতা শ্বহিদুল ইছলামৰ নেতৃত্বত বিজেপিৰ কৰ্মীসকলে কাৰাগাৰৰ কৰ্মচাৰী আৰু কয়দীসকলৰ মাজত মাস্ক, চাবোন আৰু ফলমূল বিতৰণ কৰে ।
ইফালে কৰ'ণা আক্ৰান্ত দুখীয়া পৰিয়ালক সাহাৰ্য আগবঢ়োৱাৰো অশ্বাস দিয়ে বিজেপি কৰ্মীসকলে । আনহাতে, সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনত জনীয়া সমষ্টিৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিলেও দলটোৱে বিপদৰ সময়ত সদায় সমষ্টিবাসীৰ লগত থাকিব বুলি মন্তব্য কৰে স্থানীয় বিজেপি নেতা শ্বহিদুল ইছলামে ৷