জনীয়া,১৮জুলাই : ৰাজ্যত বানে লৈছে ভয়াৱহ ৰূপ । বৰ্ন্যাতৰ মাজত সৃষ্টি হৈছে খাদ্য,আশ্ৰয়ৰ অভাৱ । বান শিৱিৰতো সময় মতে পোৱা নাই বান সাহায্য । কিন্তু ইয়াৰ মাজতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দেওঁকুৰা গাঁৱৰ বিতৰণৰ দায়িত্বত থকা লাট-মণ্ডল আব্দুল আজিজ আৰু গাঁওবুঢ়াই সাহায্যৰ সামগ্ৰী লয় ভগাই । বৰ্ন্যাতৰ বাবে আৱন্টিত সাহায্য বানাক্ৰান্তক কমকৈ বিতৰণ কৰি ১৬ বস্তা চাউল আৰু ৪ বস্তা ডাইল ৰাহি কৰি বিতৰণৰ দায়িত্বত থকা ব্যক্তিয়ে নিশা সামগ্ৰীসমূহ ভগাই লোৱা কাৰ্যত অঞ্চলবাসী ক্ষোভিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
ইফালে, বানাক্ৰান্তসকলে এই ঘটনাৰ বাবে প্ৰতিবাদ কৰাত প্ৰতিবাদকাৰীসকলক মাৰ-পিট কৰিবলৈ উদ্যত হয় বিতৰণৰ দায়িত্বত থকা লোকসকল । পিছত বলাইপাথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উদ্ধাৰ কৰে ৬ বস্তা চাউল ।