ETV Bharat / state

ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৰাজনৈতিক দলৰ নেতা

বৰপেটাৰ হাউলী চহৰত ধন দাবী কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল ৰাজনৈতিক দলৰ নেতা ৷ নেতাগৰাকী হৈছে ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়া(আৰপিআই) দলৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি আমজাদ আলী । অভিযোগ অনুসৰি হাউলীৰ মইনাল হক নামৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰিছিল আমজাদ আলীয়ে ।

author img

By

Published : Apr 22, 2021, 4:39 PM IST

ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৰাজনৈতিক দলৰ নেতা
ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৰাজনৈতিক দলৰ নেতা

বৰপেটা,২২ এপ্ৰিল: বৰপেটাত এটা ৰাজনৈতিক দলৰ যুৱ নেতাৰ দাদাগিৰি চলিছে । ধন দাবীৰে সন্ত্ৰাস চলাইছে নেতাগৰাকীয়ে । কিন্তু এইবাৰ ধন দাবীৰ অভিযোগত আটক হ'ল যুৱ নেতাগৰাকী । নেতাগৰাকী হৈছে ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়া(আৰপিআই) দলৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি আমজাদ আলী । আমজাদৰ ঘৰ সৰুক্ষেত্ৰীৰ জাৰাবাৰী গাঁৱত ৷

অভিযোগ অনুসৰি, হাউলীৰ মইনাল হক নামৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰিছিল আমজাদ আলীয়ে । বুধবাৰে নিশা মইনাল হকৰ পিঁয়াজৰ গুদামত উপস্থিত হৈ আমজাদে দাবী কৰিছিল ২০ হেজাৰ টকা । ইয়াৰ পিছতে আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী ব্যৱসায়ী গৰাকী । আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা দহ হাজাৰ টকাসহ আটক কৰে যুৱনেতা গৰাকীক ।

পূৰ্বে উত্থাপিত অভিযোগ অনুসৰি, আলীয়ে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হোটেল আৰু ব্যৱসায়ীৰ গুদামৰ পৰা শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ তুলিছে একাংশ স্থানীয় ব্যৱসায়ীয়ে । ব্যৱসায়ীসকলক ভয়-ভাবুকি দেখুৱাই তথা আৰক্ষীৰ নামত ধন দাবী কৰি অঞ্চলটোত এক প্ৰকাৰ সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল নেতাজনে । ইফালে আমজাদক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগত পঢ়ক: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.