ETV Bharat / state

কলগাছিয়াত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

কলগাছিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন ৷ নিশাৰ ভাগতে ওখ গড়কাপ্তানি পথ কাটি নি চাপৰ কৰাক লৈ শংকিত কলগাছিয়াবাসী ৷

road corruption
পথ নিৰ্মাণত ব্যাপক অনিয়ম
author img

By

Published : Jan 8, 2021, 9:06 AM IST

Updated : Jan 8, 2021, 9:38 AM IST

জনিয়া,8 জানুৱাৰী : বৰপেটাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 68 নং তাপেশ্বৰা গাঁও পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । নিশা ওখ পথ কাটি নিয়াক লৈ শংকিত হৈছে স্থানীয় ৰাইজ ৷

পথ নিৰ্মাণত ব্যাপক অনিয়ম

উল্লেখ্য যে, চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে তাপেশ্বৰা গাঁও পঞ্চায়তৰ নুৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা সমেজ উদ্দিনৰ ঘৰলৈ গড়কাপ্তানি পথছোৱা উন্নীতকৰণৰ নামত 7 লাখ টকা ধাৰ্য কৰা হৈছিল। কিন্তু এই টকাৰে মাটি পেলোৱাৰ পৰিৱৰ্তে চৰৰ বালি চটিয়াইছে ঠিকাদাৰে ।

স্থানীয় ৰাইজে জনোৱা মতে, ওখ পথটো নিশাৰ ভাগত জেচিবিৰে কাটি চাপৰ কৰা হৈছে । ইয়াৰ পূৰ্বে বাৰিষাৰ সময়ত যদি ৰাস্তাটোত একাঠু পানী হৈছিল, এতিয়া পথটোত একঁকাল পানী হয় । ইয়াকে লৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

Last Updated : Jan 8, 2021, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.