ETV Bharat / state

Road Construction Corruption: ঠিকাদাৰৰ খক, পথৰ দুৰৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে ৰাইজক - জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম

ৰাজ্যত সঘনাই পথ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতিৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ কলগাছিয়াৰ আমগুৰিত গড়কাপ্তানি পথ মেৰামতিৰ নামত ত্ৰাহি মধুসূদন সোঁৱৰিছে ৰাইজে (Road Construction Corruption at Kalgachia) ৷

Road Construction Corruption at Kalgachia
পথৰ দুৰৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে ৰাইজক
author img

By

Published : Mar 17, 2023, 10:34 PM IST

পথৰ দুৰৱস্থাই জোলোকা জোলোকে পানী খুৱাইছে ৰাইজক

জনিয়া, 17 মাৰ্চ: অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে সিমানেই যেন একাংশ ঠিকাদাৰে চৰকাৰক বুঢ়া আঙুলি দেখুৱাই দুৰ্নীতিৰ পাহাৰেৰে ধন ঘটোৱাত উঠি পৰি লাগিছে (Road Construction Corruption)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিচত সিটোকৈ পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷

এইবাৰ কলগাছিয়াৰ আমগুৰিত গড়কাপ্তানি পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ নিৰ্মাণৰ নামত ৰাজপথত বালি মাটি পেলোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিছে ৰাইজে (Road Construction Corruption at Kalgachia)। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ২০২১/২২ বিত্তীয় বৰ্ষৰ SDRF ৰ শিতানত কলগাছিয়া আই বি এপ্ৰোচ পথৰ পৰা আমগুৰি হৈ কৰাৰকুৰলৈ যোৱা গড়কাপ্তানি পথটো মেৰামতি হৈ আছিল ৷ এই পঠোৰ বাবে ঠিকা লাভ কৰিছিল ঠিকাদাৰ ছামছুল খানে ৷ কিন্তু ইয়াৰ পিচতে পথটো নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

2021/22 বৰ্ষৰ SDRF আঁচনিৰ অধীনত জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে পথটোৰ উদ্বোধন কৰিছিল। ইফালে পথছোৱা মেৰামতিৰ নামত চৰকাৰে 14 লাখতকৈও অধিক ধন আবণ্টন দিয়া বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ যদিও ঠিকাদাৰে এই ধনৰ সামান্য কাম কৰি সৰহভাগ টকা আত্মসাৎ কৰা বুলি ৰাইজে দাবী কৰিছে। আনহাতে পথছোৱা মেৰামতিৰ কাম চলি থকা অৱস্থাত ঠিকাদাৰ আৰু বিধায়কৰ চেলা চামুণ্ডাৰ নিৰ্দেশমৰ্মে অতি নিম্নমানেৰে কাম কৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ এই কামৰ ফলত পথটোৰ দুৰৱস্থা পূৰ্বতকৈ অধিক বেয়া হোৱাত যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে যথেষ্ট অসুবিধাত পৰিবলগীয়া গৈছে ৷

স্থানীয় লোকে কয় যে, পথেৰে বাইকেৰে গ’লে বাইকৰ চকা সোমাই যায় ৷ পথটো বালি মাটি পেলোৱাৰ ফলত মানুহ অহা যোৱা কৰিলেই পৰিবলৈ ওলায় ৷ আগতে কেঁচা ৰাস্তা থাকোতেই আমি ভালকৈ অহা যোৱা কৰিবলৈ ভাল হৈছিল ৷ আমি ঠিকাদাৰক ফোন কৰিলে ফোন নোঠাই ৷ ঠিকাদাৰে অনুমানিক 2 লাখ টকাৰ কাম কৰিছে ৷ বাকী ধন ঠিকাদাৰে আত্মসাৎ কৰিছে ৷ আমি ততালিকে এই পথটো অহা যোৱাৰ বাবে সুচল কৰি দিবলৈ আহ্বান জনাইছো ৷ ক্ষোভিত ৰাইজে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ বাবে দাবী জনাইছে।

লগতে পঢ়ক: Guinness Book of World records: বিশ্ব অভিলেখৰ বাবে সাজু নলবাৰীৰ ঢুলীয়া-নাচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.