ETV Bharat / state

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত গুৰুত্বপূৰ্ণ পকী পথ - ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী

শেহতীয়াকৈ বৰপেটা জিলাত বেকী নৈয়ে কালৰূপ ধাৰণ কৰিছে । কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত হৈছে বানপানী আৰু গৰাখহনীয়াত । এইবাৰ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথ গৰাখহনীয়াৰ কৱলত পৰিছে ।

erosion
কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত গুৰুত্বপূৰ্ণ পকী ৰাস্তা
author img

By

Published : Nov 4, 2021, 7:28 PM IST

জনীয়া, ৪ নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও নৈৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে । নগাঁও জিলাৰ কলগাছিয়াৰ আমগুৰিত বেকী নৈৰ কৱলত পৰিছে অঞ্চলটোৰ কেইবাটাও অঞ্চল । আমগুৰিত শেহতীয়াকৈ বিগত প্ৰায় ৫ মাহত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-মাটি নৈ জাহ গৈছে । যাৰ বাবে বহু লোকে নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

কলগাছিয়াৰ ৰাইজ এইবাৰ যথেষ্ট শংকিত হৈ পৰিছে । কিয়নো এইবাৰ গৰখহনীয়াৰ কৱলত পৰিছে গড়কাপ্তানী বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ পথ । যোৱা এক সপ্তাহত কলগাছিয়াৰ পৰা আমগুৰি হৈ বিকল্প ৰাজ্যিক ঘাইপথলৈ যোৱা এই পকী ৰাস্তাটো গৰাখহনীয়াৰ কৱলত পৰিছে ।

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত গুৰুত্বপূৰ্ণ পকী ৰাস্তা

ইতিমধ্যে গৰাখহনীয়াৰ কৱলত পৰি পথটোৰ প্ৰায় ৮০ শতাংশ অংশ বেকী নৈৰ বুকুত জাহ যোৱাত বিঘ্নিত হৈ পৰিছে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা । কিন্তু ইমানৰ পাছতো গুৰুত্ব নাই প্ৰশাসনৰ । খহনীয়া প্ৰতিৰোধৰ বাবে এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে ।

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত নিৰুপায় হৈ স্থানীয় ৰাইজে কাঠ, বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছিল যদিও সেয়া এপাচি শাকত এটা জলকীয়া সদৃশ হৈ পৰিছে । যাৰ বাবে তেওঁলোকৰ প্ৰতিৰোধৰ চেষ্টাই কোনো ফল ধৰা নাই । সেয়ে অতি শীঘ্ৰে জিঅ' বেগেৰে বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :হোজাইত খোৱাপানীৰ নামত চলিছে ভয়ানক বেহা, ৰাইজক সতৰ্ক হোৱাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.